What is Valentine's Day-in Assamese | Valentine's Day week list for 2023| History, Tradition and Meaning in Assamese

What is Valentine's Day-in Assamese | Valentine's Day week list for 2024| History, Tradition and Meaning in Assamese


নমস্কাৰ বন্ধুসকল 2024 চনৰ Valentine's Day ৰ শুভেচ্ছা থাকিল। বন্ধু সকল, প্ৰতি বছৰে 14 ফেব্ৰুৱাৰী তাৰিখে ভেলেণ্টাইন ডে' পালন কৰা হয়। এই দিনটোত আপোনালোক সকলোৱে নিজৰ সংগীৰ সৈতে আপোনাৰ প্ৰেম আৰু বন্ধুত্বৰ অনুভৱ ভাগ কৰে আৰু সংগীৰ সৈতে আপোনাৰ বন্ধন মজবুত কৰে। এই দিনটো আপোনাৰ হেৰুৱা প্ৰেম পাবলৈ বা প্ৰেমৰ প্ৰস্তাৱ দিবলৈ সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। পৃথিৱীৰ সকলো প্ৰেমিক-প্ৰেমীয়ে অপেক্ষা কৰে এই দিনটোৰ বাবে। প্ৰেমত পৰা সকলোৱে নিজৰ নিজৰ ধৰণেৰে এই দিনটোত প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। কিন্তু আপুনি জানেনে এই দিৱস কিয় পালন কৰা হয় আৰু এই দিৱস কিয় ইমান গুৰুত্বপূৰ্ণ। 2024 চনৰ ভেলেণ্টাইন ডে'ৰ সকলো দিন-তাৰিখ আদি ইয়াত লিখিবলৈ যত্ন কৰা হ'ল ৷ গতিকে ইয়াৰ বিষয়ে অলপ জানো আহক।বন্ধুসকল, আপোনালোকে জানেই যে ইউৰোপৰ দেশৰ পৰাই প্ৰথমে আৰম্ভ হৈছিল এই ভেলেণ্টাইন ডে'। কিন্তু আজিৰ দিনত ইয়াক পৃথিৱীৰ প্ৰায় সকলো দেশতে এই ভেলেণ্টাইন ডে' উদযাপন কৰা হয়। ভেলেণ্টাইন ডে' হ'ল প্ৰেমৰ দিন আৰু সেইবাবেই এই দিনটোত সকলো বিবাহিত পুৰুষ-মহিলা আৰু সকলো সংগীয়ে নিজৰ আপোনজনৰ সৈতে ওচৰতে একেলগে থকাটো পছন্দ কৰে।

What is Valentine's Day-in Assamese | Valentine's Day week list for 2023| History, Tradition and Meaning in Assamese




2024 চনৰ বাবে ভেলেণ্টাইন ডে' সপ্তাহৰ তালিকা, ইয়াৰ ইতিহাস, পৰম্পৰা সম্পৰ্কে তলত বিতং ভাবে আলোচনা কৰা হ'ল-


    * ভেলেণ্টাইন ডে' ৰ ইতিহাস, পৰম্পৰা আৰু ইয়াৰ অৰ্থ


    ভেলেণ্টাইন ডে’ কিয় পালন কৰা হয়? ভেলেণ্টাইন ডে’ উদযাপনৰ কাৰণ কি? ইয়াৰ বিষয়ে কিছু তথ্য আলোচনা কৰো আহকচোন।


    দৰাচলতে, ভেলেণ্টাইন ডে’ৰ নাম এজন ব্যক্তিৰ নামেৰে ৰখা হৈছিল। যাৰ নাম আছিল ভেলেণ্টাইন। আপোনালোকে জনা উচিত যে এই প্ৰেমৰ দিনটোৰ কাহিনীৰ আৰম্ভণি প্ৰেমেৰে ভৰা নাছিল। এই কাহিনীটো এজন দুষ্ট ৰজা আৰু এজন সন্ত যাৰ নাম আছিল ভেলেণ্টাইন এই দুয়োজনৰ মাজত হোৱা এক সংঘৰ্স। এই দিনটো ৰোমৰ তৃতীয় শতিকাৰ পৰা আৰম্ভ হয় য'ত আগতে ক্লাউডিয়াছ নামৰ এজন অত্যাচাৰী ৰজা আছিল। ৰোমৰ ৰজাই বিশ্বাস কৰিছিল যে বিবাহিত সৈনিকতকৈ এজন অবিবাহিত  সৈনিক যুদ্ধৰ বাবে বেছি উপযুক্ত বেছি বুদ্ধিমত্তাসম্পন্ন আৰু ফলপ্ৰসূ সৈনিক হ’ব পাৰে কাৰণ বিবাহিত সৈনিকজনৰ সদায় মাত্ৰ এটা কথাতে চিন্তাত থাকে যে যদি তেওঁৰ মৃত্যু হয় তেন্তে তাৰ পিছত তেওঁৰ পৰিয়ালৰ কি হ’ব । মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালৰ যত্ন কোনে ল’ব। এই চিন্তাৰ বাবেই তেওঁ যুদ্ধত সম্পূৰ্ণ মনোযোগ দিব নোৱাৰে। এই কথা ভাবি ৰজা ক্লাউডিয়াছে ঘোষণা কৰিলে যে তেওঁৰ ৰাজ্যৰ কোনো সৈনিকে বিয়া নকৰে বা কৰাব নোৱাৰে আৰু তেওঁৰ আদেশ অমান্য কৰা যিকোনো ব্যক্তিক কঠোৰ শাস্তি দিয়া হ’ব। ৰজাৰ এই সিদ্ধান্তত সকলো সৈনিক মৰ্মাহত হৈছিল আৰু তেওঁলোকেও জানিছিল যে এই সিদ্ধান্ত ভুল, কিন্তু ৰজাৰ ভয়ৰ বাবে কোনেও ইয়াক উলংঘা কৰিবলৈ সাহস নকৰি তেওঁৰ আদেশ মানি চলিবলৈ বাধ্য হৈছিল।

    কিন্তু ৰোমৰ সন্ত ভেলেণ্টাইনে এই অন্যায়ক একেবাৰেই অনুমোদন জনোৱা নাছিল, সেয়েহে তেওঁ ৰজাৰ পৰা লুকাই যুৱ সৈনিকসকলক সহায় কৰিছিল আৰু গোপনে বিয়া কৰাই দিছিল। প্ৰেমিকাক বিয়া কৰাব বিচৰা সৈনিক সকলে আগতে ভেলেণ্টাইনৰ ওছৰলৈ গৈ সহায় বিচাৰিছিল আৰু ভেলেণ্টাইনেও তেওঁলোকক সহায় কৰি বিয়া পতাই পাতিছিল। একেদৰে ভেলেণ্টাইনে বহু সৈনিকক গোপনে বিয়া কৰাই দিছিল। কিন্তু আমি জানো যে, সত্যক বেছি দিন লুকুৱাই ৰাখিব নোৱাৰি, এদিন নহয় এদিন  সকলোৰে সন্মুখত সত্য ওলাই আহে। একেদৰে এদিন ভেলেণ্টাইনৰ এই কাৰ্য্যৰ খবৰটোও ক্লাউডিয়াছ ৰজাৰ কাণত পৰিল। যিহেতু ভেলেণ্টাইনে ৰজাৰ আদেশ পালন কৰা নাছিল, সেয়ে ৰজাই ভেলেণ্টাইনক মৃত্যুদণ্ডৰ শাস্তি বিহিলে আৰু ৰজাৰ আদেশ মতেই  তেওঁক জেলত ভৰাই থোৱা হ’ল।

    ভেলেণ্টাইনে জেলৰ ভিতৰত মৃত্যুৰ তাৰিখলৈ অপেক্ষা কৰি আছিল আৰু এদিন এষ্টেৰিয়াছ নামৰ জেইলৰ এজন তেওঁৰ ওচৰলৈ আহিছিল। ৰোমৰ মানুহে আগতে কৈছিল যে ভেলেণ্টাইনৰ এটা ঐশ্বৰিক শক্তি আছে, যাৰ সহায়ত তেওঁ ৰোগিক ৰোগৰ পৰা মুক্তি পাব পাৰে। এষ্টেৰিয়াছৰ এগৰাকী অন্ধ কন্যা আছিল আৰু তেওঁ ভেলেণ্টাইনৰ হাতত থকা যাদুকৰী শক্তিৰ বিষয়ে জানিছিল , গতিকে তেওঁ ভেলেণ্টাইনৰ ওচৰলৈ গৈ তেওঁৰ ছোৱালীজনীৰ দৃষ্টিশক্তি তেওঁৰ ঐশ্বৰিক শক্তিৰে প্ৰদান কৰি সুস্থ কৰিবলৈ অনুৰোধ কৰিছিল। ভেলেণ্টাইন আছিল এজন সৎ হৃদয়ৰ মানুহ আৰু তেওঁ সকলোকে সহায় কৰিছিল, গতিকে তেওঁ জেইলৰকো সহায় কৰিছিল আৰু নিজৰ ঐশ্বৰিক শক্তিৰে জেইলৰৰ অন্ধ কন্যাৰ চকু দুটা ভাল কৰিছিল। সেইদিনাৰ পৰা ভেলেণ্টাইন আৰু এষ্টেৰিয়াছৰ কণ্যাৰ মাজত গভীৰ বন্ধুত্ব গঢ়ি উঠিছিল আৰু সেই বন্ধুত্ব কেতিয়া প্ৰেমলৈ পৰিণত হ’ল সিহঁতে গমেই পোৱা নাছিল। এষ্টেৰিয়াছৰ কন্যাই  ভেলেণ্টাইনৰ মৃত্যু হ’বলৈ সময় আহিছে বুলি ভাবি তাই গভীৰভাৱে স্তম্ভিত হৈ পৰিল। আৰু অৱশেষত সেই দিনটো আহিছিল ১৪ ফেব্ৰুৱাৰীত, যিদিনা ভেলেণ্টাইনক ফাঁচী দিবলৈ ওলাইছিল। মৃত্যুৰ আগতে ভেলেণ্টাইনে জেইলাৰৰ পৰা কলম আৰু কাগজ বিচাৰিছিল আৰু সেই কাগজখনত তেওঁ জেইলাৰৰ ছোৱালীজনীৰ বাবে বিদায় বাৰ্তা লিখিছিল, পৃষ্ঠাৰ শেষত তেওঁ লিখিছিল "তোমাৰ ভেলেণ্টাইন", এইবোৰ শব্দ মানুহৰ এতিয়াও মনত আছে ৷

    ভেলেণ্টাইনৰ এই ত্যাগৰ বাবেই ১৪ ফেব্ৰুৱাৰী তেওঁৰ নামেৰে নামাকৰণ কৰা হয় আৰু আজিৰ এই  দিনটোতে সমগ্ৰ বিশ্বৰ মানুহে ভেলেণ্টাইনক স্মৰণ কৰি ইজনে সিজনৰ লগত প্ৰেমৰ ভাগ বতৰা কৰে। আজিৰ দিনটোত সকলো প্ৰেমিক প্ৰেমিকাই ইজনে-সিজনক ফুল, বিভিন্ন উপহাৰ আৰু চকলেট দি নিজৰ মৰম-চেনেহ প্ৰকাশ কৰে। গতিকে এয়া  আছিল ভেলেণ্টাইনৰ কাহিনী।




    গতিকে , ওপৰৰ আলোচনাৰ পৰা আমি জানিলো ভেলেণ্টাইন ডে'ৰ ইতিহাস যিটো প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত পালন কৰা হয়।


    * 2024 চনৰ বাবে ভেলেণ্টাইন ডে সপ্তাহৰ তালিকা


    ভেলেণ্টাইন ডে’ৰ গোটেই সপ্তাহটো প্ৰেম আৰু ৰোমাঞ্চৰ বাবে উদযাপন কৰা হয়। সেইবাবেই ইয়াক প্ৰেমৰ উৎসৱ বুলিও জনা যায়। ভেলেণ্টাইন ডে’ আৰম্ভ হোৱাৰ সাত দিন আগতেই আৰম্ভ হয় প্ৰেমৰ প্ৰক্ৰিয়া। এতিয়া এই সাত দিনৰ বিষয়ে অলপ আলোচবা কৰা হ'ওক। গতিকে এই সাত দিনৰ কথা এটা এটাকৈ জানো আহক।


    • ৭ ফেব্ৰুৱাৰী - গোলাপ দিৱস ( Rose Day )
    • ৮ ফেব্ৰুৱাৰী - প্ৰস্তাৱ দিৱস ( Propose Day )
    • ৯ ফেব্ৰুৱাৰী - চকলেট দিৱস ( Chocolate Day )
    • ১০ ফেব্ৰুৱাৰী - টেডি দিৱস ( Teddy Day )
    • ১১ ফেব্ৰুৱাৰী - প্ৰতিশ্ৰুতি দিৱস ( Promise Day )
    • ১২ ফেব্ৰুৱাৰী - হাগ দিৱস ( Hug Day )
    • ১৩ ফেব্ৰুৱাৰী - চুমা দিৱস ( Kiss Day )
    • ১৪ ফেব্ৰুৱাৰী - ভেলেণ্টাইন ডে / দিৱস ( Valentine Day )

    ভেলেণ্টাইন ডে'  ২০২৩


    ৭ দিনৰ তালিকা

    দিনৰ নাম

    তাৰিখ

    দিন


    1 st Day Valentine

    Rose Day

    ০৭-০২-২০২৩

    Tuesday

    ( মঙ্গল বাৰ )

    2 nd Day Valentine

    Propose Day

    ০৮-০২-২০২৩

    Wednesday

    ( বুধবাৰ )

    3 rd Day Valentine

    Chocolate Day

    ০৯-০২-২০২৩

    Thursday

    ( বৃহস্পতিবাৰ )

    4 th Day Valentine

    Teddy Day

    ১০-০২-২০২৩

    Friday

    ( শুক্ৰবাৰ )

    5 th Day Valentine

    Promise Day

    ১১-০২-২০২৩

    Saturday

    ( শনিবাৰ )

    6 th Day Valentine

    Hug Day

    ১২-০২-২০২৩

    Sunday

    ( ৰবিবাৰ )

    7 th Day Valentine

    Kiss Day

    ১৩-০২-২০২৩

    Monday

    ( সোমবাৰ )

    8 th Day Valentine

    Valentine Day

    ১৪-০২-২০২৩

    Tuesday

    ( মঙ্গল বাৰ )


    Valentine Day Week list 2023




    ৭ ফেব্ৰুৱাৰী - গোলাপ দিৱস (Rose Day )

    ভেলেণ্টাইন ডে সপ্তাহৰ প্ৰথম দিনটোত গোলাপ দিৱস হিচাবে পালন কৰা হয়। যদি আপুনিও গোলাপৰ দিনত আপোনাৰ প্ৰিয়জনক এটি গোলাপ ফুল উপহাৰ দিবলৈ সিদ্ধান্ত লৈছে, তেন্তে প্ৰথেমে আপুনি জানি লওক গোলাপ দিৱস উদযাপনৰ কাৰণ আৰু বিভিন্ন ৰঙৰ গোলাপ ফুলৰ অৰ্থ কি?  বন্ধুসকল, এই লেখাটিত মই আপোনালোকক গোলাপ দিৱস উদযাপনৰ বিষয়ে সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিম। বন্ধুসকল ভেলেণ্টাইন ডে' উইক কিয় আৰু কেতিয়া গোলাপ দিৱস পালন কৰা হয়?  বিশ্বৰ সকলো দেশতে ভেলেন্টাইন ডে' সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ ৭ ফেব্ৰুৱাৰীত গোলাপ দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত মানুহে নিজৰ ঘনিষ্ঠ মানুহক গোলাপ ফুল দি নিজৰ অনুভৱ প্ৰকাশ কৰে। কাৰণ গোলাপ ফুলক নিজৰ অনুভৱ তথা প্ৰেম-ভালপোৱা প্ৰকাশৰ সৰ্বোত্তম উপায় বুলি গণ্য কৰা হয়। এটা বিশ্বাস মতে ৰাণী ভিক্টোৰিয়াৰ সময়ত মানুহে নিজৰ অকথিত অনুভৱ প্ৰকাশৰ বাবে গোলাপৰ আদান-প্ৰদানৰ প্ৰথা আৰম্ভ কৰিছিল, য’ত ৰঙা গোলাপ আটাইতকৈ বিশেষ আছিল আৰু প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল।

    আনহাতে, অন্য ৰঙৰ গোলাপৰ অৰ্থও বেলেগ বেলেগ। গতিকে বিভিন্ন ৰঙৰ গোলাপ ফুলৰ অৰ্থ কি জানো আহক।

    ৰঙা গোলাপ - সাধাৰণতে মানুহে আপোনজনক ৰঙা গোলাপ দিবলৈ পছন্দ কৰে, কাৰণ ৰঙা গোলাপক প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেইবাবেই যদি আপুনিও আপোনাৰ আপোনজনক বা আপোনাৰ সংগীক মৰম দেখুৱাব বিচাৰে তেন্তে আপুনিও আপোনাৰ সংগীক ৰঙা গোলাপৰ ফুল দিব পাৰে।




    হালধীয়া গোলাপ -  হালধীয়া গোলাপক বন্ধুত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেইবাবেই যদি আপুনি কাৰোবাৰ লগত বন্ধুত্ব আৰম্ভ কৰিব বিচাৰে তেন্তে তেওঁক হালধীয়া গোলাপ এটা উপহাৰ দিবপাৰে।



    বগা গোলাপ - বগা গোলাপক শান্তি আৰু ঐক্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। বগা গোলাপে বিশুদ্ধ প্ৰেমক প্ৰতিনিধিত্ব কৰে।




    ৮ ফেব্ৰুৱাৰী - প্ৰস্তাৱ দিৱস  ( Propose Day )

    ভেলেণ্টাইন ডে’ৰ দ্বিতীয় দিনটো প্ৰস্তাৱ দিৱস (প্ৰপ’জ ডে’) হিচাপে পালন কৰা হয়। যদি আপুনি কাৰোবাক ভাল পায় তেন্তে এই দিনটো প্ৰপ’জ কৰাৰ বাবে বা প্ৰস্তাৱ দিয়াৰ বাবে উত্তম দিন বুলি গণ্য কৰা হয়। গতিকে যদি আপুনিও কাৰোবাক ভাল পায় তেন্তে এই দিনটোত প্ৰেমিক বা প্ৰেমিকাক প্ৰপ’জ কৰিব পাৰে।




    ৯ ফেব্ৰুৱাৰী - চকলেট দিৱস ( Chocolate Day )

    ভেলেণ্টাইন ডে’ৰ তৃতীয় দিনটো চকলেট ডে’ হিচাপে পালন কৰা হয়। এই দিনটোত প্ৰেমিকাই তেওঁলোকৰ সংগীক চকলেট দিয়া দেখা যায়।




    ১০ ফেব্ৰুৱাৰী - টেডি ডে ( Teddy Day )

    ভেলেণ্টাইন ডে'ৰ চতুৰ্থ দিনা টেডি ডে'ৰ নামত উদযাপন কৰা হয়। এই দিনটোত প্ৰেমিক-প্ৰেমীসকলে টেডি ডে’ উদযাপন কৰে। এই দিনটোত প্ৰেমিক-প্ৰেমীয়ে নিজৰ সংগীক টেডি বা পুতলা উপহাৰ দিয়ে।




    ১১ ফেব্ৰুৱাৰী - প্ৰতিশ্ৰুতি দিৱস ( Promise Day )

    ভেলেণ্টাইন ডে'ৰ ৫ম দিনটো প্ৰতিশ্ৰুতি দিৱস (প্ৰমিজ ডে')ৰ নামত পালন কৰা হয়। এই দিনটোত দুজন প্ৰেমিক-প্ৰেমিকে ইজনে সিজনক প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোক সদায় ইজনে সিজনৰ লগত সুখে-দুখে থাকিব।



    ১২ ফেব্ৰুৱাৰী - হাগ ডে ( Hug Day )


    ভেলেণ্টাইন ডে’ৰ ৬ নম্বৰ দিনটোত হাগ ডে’ৰ নামত উদযাপন কৰা হয়। আজিৰ এই দিনটোত দুজন প্ৰেমিক-প্ৰেমিকে ইজনে সিজনক সাৱটি ধৰে আৰু নিজৰ মনোভাৱ ব্যক্ত কৰে।





    ১৩ ফেব্ৰুৱাৰী - চুমা দিৱস  ( Kiss Day )

    ভেলেন্টাইন ডে'ৰ ৭ম দিনটো  চুমা দিৱস (কিছ ডে') ৰ নামত উদযাপন কৰা হয়। প্ৰতিজন প্ৰেমিকাই এই দিনটোৰ বাবে অপেক্ষা কৰে। আজিৰ দিনটোত দুজন প্ৰেমিক-প্ৰেমিকে ইজনে সিজনক চুমা যাচি নিজৰ ভালপোৱা প্ৰদৰ্শন কৰে।





    ১৪ ফেব্ৰুৱাৰী - ভেলেণ্টাইন ডে'  ( Valentine Day )

    ভেলেণ্টাইন উইকৰ শেষ দিনা অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত পালন কৰা হয় ভেলেণ্টাইন ডে'। এই দিনটো প্ৰেমত পৰা ব্যক্তিজনৰ বাবে এক সুন্দৰ দিন।


    * এণ্টি ভেলেণ্টাইন সপ্তাহ ( ভেলেণ্টাইন বিৰোধী ডে’ )



    জানেনে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ পিছত মানুহে এণ্টি ভেলেণ্টাইন সপ্তাহ উদযাপন কৰিবলৈ সাজু হয়। এণ্টি ভেলেণ্টাইন ডে’ কি ? মানুহে কিয় এণ্টি ভেলেণ্টাইন ডে’ উদযাপন কৰে? ভেলেণ্টাইন বিৰোধী দিনবোৰ কি কি? গতিকে এণ্টি ভেলেণ্টাইন ডে’ৰ বিষয়ে বৰ্ণনা কৰা যাওক। ভেলেণ্টাইন ডে’ অৰ্থাৎ ১৪ ফেব্ৰুৱাৰী শেষ হোৱাৰ পিছত মানুহে এণ্টি ভেলেণ্টাইন ডে’ উদযাপন কৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা। এণ্টি- ভেলেণ্টাইন ডে’ও এসপ্তাহৰ বাবে উদযাপন কৰা হয় যিটো স্লেপ ডে’ৰ পৰা আৰম্ভ হৈ ব্ৰেকআপ ডে’ৰ সৈতে শেষ হয়।


    এণ্টি ভেলেণ্টাইন ডে’ মূলতঃ-


    • স্লেপ ডে ( Slap Day )
    • কিক ডে ( Kick Day )
    • সুগন্ধি দিৱস ( Perfume Day )
    • ফ্লাৰ্ট ডে ( Flirt Day  )
    • স্বীকাৰোক্তি দিৱস ( Confession Day )
    • মিছিং ডে  ( Missing Day )
    • ব্ৰেকআপ ডে ( Breakup Day  )

    সমগ্ৰ বিশ্বৰ প্ৰেমিক-প্ৰেমিকাসকলে নিজৰ সংগীৰ সৈতে ভেলেণ্টাইন সপ্তাহ উদযাপন কৰিবলৈ উৎসাহিত হয়। প্ৰেমিক-প্ৰেমিকা সকলে নিজৰ বিশেষ কাৰোবাৰ সৈতে গোলাপ দিৱসৰ পৰা চুমা দিৱসলৈকে ভেলেণ্টাইন সপ্তাহৰ সাতটা ভিন্ন দিন উদযাপন কৰে আৰু ইয়াৰ অন্ত পৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ সৈতে, ১৪ ফেব্ৰুৱাৰীৰ পিছত মানুহে এণ্টি ভেলেণ্টাইন সপ্তাহো উদযাপন কৰে। হয়, মানুহে অতি মজাৰে উদযাপন কৰে এই এণ্টি ভেলেণ্টাইন সপ্তাহ। মানুহে এণ্টি ভেলেণ্টাইন উইক উদযাপন কৰে যিটো ১৪ ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন ডে’ৰ ঠিক পিছতেই আৰম্ভ হয়, যিটো সঁচাকৈয়ে প্ৰেম আৰু ৰোমাঞ্চৰ সৈতে সম্পৰ্কহীন। এণ্টি ভেলেণ্টাইন ডে’ৰ আৰম্ভণি হয় স্লেপ ডে’ৰ পৰা আৰু শেষ হয় ব্ৰেকআপ ডে’ৰ সৈতে।


    গতিকে আহক আমি মজাৰ তথ্য আৰু এণ্টি ভেলেণ্টাইন সপ্তাহৰ আঁৰৰ অৰ্থ বুজিবলৈ চেষ্টা কৰোঁ।


    * ২০২৩ চনৰ বাবে এণ্টি ভেলেণ্টাইন সপ্তাহৰ দিনৰ তালিকা


    • ১৫ ফেব্ৰুৱাৰী - স্লেপ ডে ( Slap Day )
    • ১৬ ফেব্ৰুৱাৰী - কিক ডে ( Kick Day )
    • ১৭ ফেব্ৰুৱাৰী - সুগন্ধি দিৱস ( Perfume Day )
    • ১৮ ফেব্ৰুৱাৰী - ফ্লাৰ্ট ডে ( Flirt Day  )
    • ১৯ ফেব্ৰুৱাৰী - স্বীকাৰোক্তি দিৱস ( Confession Day )
    • ২০ ফেব্ৰুৱাৰী - মিছিং ডে  ( Missing Day )
    • ২১ ফেব্ৰুৱাৰী - ব্ৰেকআপ দিৱস ( Breakup Day  )


    ১৫ ফেব্ৰুৱাৰী - স্লেপ ডে ( Slap Day )

    এণ্টি ভেলেণ্টাইন ডে সপ্তাহৰ প্ৰথম দিনাই স্লেপ ডে’ পালন কৰা হয়। ১৫ ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন ডে’ৰ পিছত স্লেপ ডে’ আৰম্ভ হয়। এই বিশেষ দিনটো সেইসকল লোকৰ বাবে যিয়ে তেওঁলোকক প্ৰতাৰণা কৰা প্ৰাক্তনজনক  এশিকনি দিব বিচাৰে ৷


    ১৬ ফেব্ৰুৱাৰী - কিক ডে ( Kick Day )

    এণ্টি ভেলেণ্টাইন সপ্তাহৰ দ্বিতীয় দিন  কিক ডে পালন কৰা হয়। ১৬ ফেব্ৰুৱাৰীত পালন কৰা হয় কিক ডে'। আমাৰ জীৱনৰ পৰা সকলো নেতিবাচকতাক চিন্তাধাৰাক আঁতৰাই নিয়াৰ এক নিখুঁত অনুষ্ঠান।

    ১৭ ফেব্ৰুৱাৰী - সুগন্ধি দিৱস ( Perfume Day )

    এণ্টি ভেলেণ্টাইন সপ্তাহৰ তৃতিয় দিন  সুগন্ধি দিৱস ( Perfume Day ) পালন কৰা হয়। 

    ১৮ ফেব্ৰুৱাৰী - ফ্লাৰ্ট ডে'  ( Flirt Day  )

    এণ্টি ভেলেণ্টাইন সপ্তাহৰ চতুৰ্থ দিন  ফ্লাৰ্ট ডে'  ( Flirt Day ) পালন কৰা হয়। 

    ১৯ ফেব্ৰুৱাৰী - স্বীকাৰোক্তি দিৱস ( Confession Day )

    ফ্লাৰ্ট ডে’ৰ পিছত এণ্টি ভেলেণ্টাইন উইকৰ কনফেচন ডে’। এই বিশেষ দিনটোত আপুনি আপোনাৰ জীৱনৰ অতীতৰ কৰা ভুল স্বীকাৰ কৰিব পাৰে যিটো আপুনি কৰা ভুলটো আগতে কাকো প্ৰকাশ কৰা নাছিল। গতিকে এই দিনটো হয়তো কাৰোবাৰ জীৱনৰ বাবে নিখুঁত দিন।

    ২০ ফেব্ৰুৱাৰী - মিছিং ডে  ( Missing Day )

    মিছিং ডে’ হৈছে এণ্টি ভেলেণ্টাইন সপ্তাহৰ দ্বিতীয় শেষ দিন। এই বিশেষ দিনটোত মানুহে সদায় নিজৰ হেৰুৱা এজনৰ প্ৰতি থকা অনুভৱ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে ৷


    ২১ ফেব্ৰুৱাৰী - ব্ৰেকআপ দিৱস ( Breakup Day  )

    ব্ৰেকআপ ডে' হৈছে এণ্টি ভেলেণ্টাইন সপ্তাহৰ শেষৰ দিন ৷ যিসকল লোকে কাৰোবাৰ পৰা ব্ৰেকআপ বিচাৰে আৰু বেয়া সম্পৰ্কৰ পৰা মুক্তি বিচাৰে তেওঁলোকৰ বাবে এইটোৱেই বিশেষ দিন আৰু সঠিক সুযোগ ৷

    FAQ


    প্ৰশ্ন ১- এণ্টি ভেলেণ্টাইন উইকৰ ৭ দিন কি ?


    উত্তৰ - ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ পিছত মানুহে এণ্টি ভেলেণ্টাইন উইক উদযাপন কৰে।

    স্লেপ ডে

    কিক ডে

    সুগন্ধি দিৱস

    ফ্লাৰ্ট ডে

    স্বীকাৰোক্তি দিৱস

    মিছিং ডে আৰু...

    Breakup Day - এই ৭ দিনৰ এণ্টি ভেলেণ্টাইন উইক।

    প্ৰশ্ন ২ - ভেলেণ্টাইনৰ কিছুমান পৰম্পৰা কি কি ?


    উত্তৰ - গোলাপ আৰু চকলেট উপহাৰ দিয়া আৰু লগতে ভেলেণ্টাইন কাৰ্ড ভেলেণ্টাইন ডে'ৰ কিছুমান সাধাৰণ পৰম্পৰা।

    প্ৰশ্ন ৩ - ভেলেণ্টাইন ডে'ৰ আগৰ ৭ দিনক কি বুলি কোৱা হয় ?


    উত্তৰ - ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে'ৰ আগতে মানুহে গোলাপ দিৱস, প্ৰস্তাৱ দিৱস, চকলেট দিৱস, টেডি দিৱস, প্ৰতিশ্ৰুতি দিৱস, হাগ ডে আৰু চুমা দিৱস পালন কৰে।

    প্ৰশ্ন ৪ - ভেলেণ্টাইন উইকৰ বিশেষ দিনবোৰ কি কি?


    উত্তৰ - ৰোজ ডে, প্ৰপজ ডে, চকলেট ডে, টেডি ডে, প্ৰমিজ ডে, হাগ ডে, কিছ ডে আৰু ভেলেণ্টাইন ডে এইবোৰ ভেলেণ্টাইন উইকৰ বিশেষ দিন।

    প্ৰশ্ন ৫ - ফ্লাৰ্টৰ দিনটো কি ?


    উত্তৰ - ১৮ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ পিছত ফ্লাৰ্ট ডে’ পালন কৰা হয়।

    প্ৰশ্ন ৬ - ভেলেণ্টাইন উইক অনুসৰি ১২ ফেব্ৰুৱাৰীত কি ?


    উত্তৰ - ১২ ফেব্ৰুৱাৰীত মানুহে "হাগ ডে" উদযাপন কৰে।

    প্ৰশ্ন ৭ -  প্ৰথম ভেলেণ্টাইনৰ বাবে কি কৰিব লাগে ?


    উত্তৰ - আপোনজনক কিবা এটা উপহাৰ দিব লাগে ৷

    প্ৰশ্ন ৮ - ভেলেণ্টাইন ডে' সম্পৰ্কৰ বাবে নেকি ?


    উত্তৰ - হয় , ৰোমান্টিক সম্পৰ্কৰ বাবে ভেলেণ্টাইন ডে বিশেষ ৷

    প্ৰশ্ন ৯ - প্ৰতিশ্ৰুতি দিৱসৰ পিছত কি আহে ?


    উত্তৰ - হাগ ডে ৷

    প্ৰশ্ন ১০ - ভেলেণ্টাইন ডে'ৰ মূল নাম কি আছিল ?


    উত্তৰ - মই ইণ্টাৰনেটত Lupercalia হিচাপে পাইছিলোঁ।

    প্ৰশ্ন ১১ - ভেলেণ্টাইন ডে কেৱল মহিলাৰ বাবে নেকি ?


    উত্তৰ - ভেলেণ্টাইন ডে' প্ৰেমিক-প্ৰেমিকাৰ দ্বাৰা পালন কৰা হয় ( ইয়াৰ অৰ্থ পুৰুষ আৰু মহিলা উভয়)

    প্ৰশ্ন ১২ - ভেলেণ্টাইন ডে কেৱল এককসকলৰ বাবে নেকি ?


    উত্তৰ - Valentine's Day বন্ধু-বান্ধৱী , পাৰিবাৰিক সম্পৰ্কৰ বাবে।


    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.