Top 50 Phokora Jojanaa in Assamese| ফকৰা যোজনা - ভাব বহলাই লিখা | ভাব সম্প্ৰাসাৰণ কৰা |Phokora Jojanaa in Assamese|অসমীয়া প্ৰবাদ প্ৰবচন

 ফকৰা যোজনা - ভাব বহলাই লিখা | ভাব সম্প্ৰাসাৰণ কৰা |Phokora Jojanaa in Assamese|অসমীয়া প্ৰবাদ প্ৰবচন

Top 50 Phokora Jojanaa in Assamese


তলত অসমীয়া ভাষা সাহিত্যৰ কিছুমান অতি প্ৰয়োজনীয় তথা দৰকাৰী ফকৰা যোজনা সম্পৰ্কে আলোচনা কৰা হ'ল । এই ফকৰা যোজনা বোৰৰ এটি চমু আভাষ দিবলৈ যত্ন কৰা হ'ল।

Phokora Jojanaa in Assamese


নিন্মলিখিত বোৰ হ'ল অসমীয়া ফকৰা যোজনা তথা অসমীয়া প্ৰবাদ প্ৰবচন -


    কীৰ্তিযস্য স জীৱতি 

    এই অসমীয়া প্ৰবচনটিৰ মূল ভাব হ'ল কৰ্মই হ'ল মানুহৰ জীৱনৰ মূল আধাৰ । মানুহৰ ৰূপে মানুহক একোৱে নিদিয়ে, গুনেহে মানুহৰ প্ৰধান সম্পদ। 

    এই জগতৰ সকলো হ'ল অস্থায়ী । মৃত্যুৰ লগে লগে মানুহৰ জীৱন শেষ হৈ যায়। কিন্তু মানুহে নিজৰ বিদ্যা - বুদ্বি তথা নিজৰ কৰ্মৰ গুণৰ দ্বাৰা যি কিৰ্তী অৰ্জন কৰে সি চিৰস্থায়ী হৈ ৰৈ যায়। মৃত্যুৰ পাছতো তেনে লোকৰ নাম সমাজে আদৰ্শ হিচাপে লয়।

     সেয়েহে কোৱা হয়, " কীৰ্তিযস্য স জীৱতি " অৰ্থাত , কীৰ্তিমানসকল জীয়াই থাকে ।


    নিন্দে যেয়ে ভুঞ্জে সেয়ে 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , মানুহে কেতিয়াও মানুহক নিন্দা কৰা উচিত নহয় । কাৰণ বহু সময়ত দেখা যাই যিজন মানুহে অন্য এজনক নিন্দা কৰে, সেই মনুহজনৰ নিজৰেই তেনে অবস্থা হোৱা দেখা যাই । এসময়ৰ ৰজাও একালত ভিক্ষাৰী হোৱা দেখা যায়। 


    পৰত আশ বনত বাস 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , মানুহে আনৰ ওপৰতেই সদাই নিৰ্ভৰ কৰি চলা উচিত নহয়। কাৰণ পৰ-নিৰ্ভৰশীল হৈ থকা মানুহে এদিন মহা বিপদৰ সন্মুখিন হৈ পৰাও সেখা যায় । বনত বা  হাবিত যেনেকে মানুহ অকলশৰীয়া হৈ থাকিব লগিয়া হয় , দূৰ- দূৰলৈ মানুহ বিচাৰি পোৱা নাযায় , ঠিক তেনেদকে পৰৰ ওপৰত নিৰ্ভৰ হৈ থকা মানুহবোৰো বনত বাস কৰাৰ দৰেই হয়। সেয়েহে কোৱা হয় পৰত আশ বনত বাস।


    অতি ভক্তি চোৰৰ লক্ষণ 

    মানুহে ভক্তি প্ৰদৰ্শন কৰাতো এটা স্বাভাৱিক কথা । ভক্তি কৰাতো ভাল কথা । কিন্তু যিখিনি দৰকাৰ তাতকে অধিক ভক্তি দেখুওৱা মানে হ'ল অত্যাধিক ভক্তি প্ৰদৰ্শন কৰি নিজৰ কাম আদায় কৰা। সেয়েহে কোৱা হয় অতি ভক্তি চোৰৰ লক্ষণ।


    ধনাৎ বিদ্যা গৰীয়সী 

    ধনতকৈ যে বিদ্যা শ্ৰেষ্ঠ  সেয়েই হ'ল এই অসমীয়া প্ৰবচনটিৰ মূল ভাব । বিদ্যাতকৈ ধন কোনোদিনেই শ্ৰেষ্ঠ  হ'ব নোৱাৰে । প্ৰথেমে বিদ্যা অৰ্জন কৰি তাৰ পাছাতেহে অৰ্থ উপাৰ্জন কৰা সম্ভৱ । সেয়েহে বিদ্যাক মহাধন বুলি কোৱা হয়।


    অচিন কাঠৰ থোৰাকো নলগাবা 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , অচিন অৰ্থাৎ, নজনা নুশুনা মানুহৰ লগত সম্বন্ধ নাপাতা । নজনা-নুশুনা মানুহৰ লগত সম্বন্ধ পাতি শেসত নিজৰেই বিপদ হোৱা দেখা যাই । 

    সেয়েহে কোৱা হয় অচিন কাঠৰ থোৰাকো নলগাবা । অচিন কাঠেৰে নিৰ্মিত বস্তু বা আচ-বাব আদিৰ কোনো ভৰষা নাই , কিয়নো সি ব্যৱহাৰৰ বাবে কিমান গ্ৰহনয্যোগ্য হয় তাৰ কোনো ভৰষা নায়। 


    উদক ভেটা ৰখীয়া পতা 

    কোনো এজন মানুহক অৰ্থাৎ, যিজন মানুহ কোনো এটা বস্তুৰ প্ৰতি অতি লুভিয়া প্ৰকৃতিৰ হয় সেই মানুহ জনকেই সেই বস্তুতোৰ ৰখিয়া  পতা ।


    উপকাৰীক অজগৰে খোৱা 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , যিবোৰ মানুহ দুস্ত প্ৰকৃতিৰ হয় সেই মানুহবোৰক উপকাৰ বিপদৰ সময়ত উপকাৰ কৰিলেও উপকাৰ কৰোতা জনক শেষত অপকাৰেই কৰে বা উপকাৰীৰ অহিৰ চিন্তায়ে কৰে ।


    উলুৰ লগত বগৰী পোৰা 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , অসৎ সংগৰ লগত পৰি ভাল যনেও দুলহ কষ্ট পোৱা ।


    আঠুৱাৰ তলৰ মহ 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , নিজৰেই বংশত থকা অতি সৰু বা সাধাৰণ লোক।


    ফিৰিঙতিৰপৰা খাণ্ডৱ দাহ 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , এটা সাধৰণ কথাৰ পৰা এটা ডাঙৰ ঘটনা হৈ পৰা । অৰ্থাৎ, এটা সৰু ঘটনাৰ পৰা এটা মহা বিপদ আহি পৰা ।


    হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , হাতী বা ডাঙৰ মানুহৰো কেতিয়াবা কেতিয়াবা ভুল বা বিপদ হব পাৰে । হাতী সাধাৰণেতে বৰ প্ৰকান্দ জীৱ । 

    ইয়াৰ ভৰি বৰ মজ্বুত হয়। ই সাধাৰণেতে গমন কৰোতে সহজে পিছলি নপৰে। ঠিক তেনেকে ডাঙৰ মানুহ বা সজ্জন বা গুণসম্পুৰ্ণ মানুহৰো সাধাৰণতে ভূল ভ্ৰান্তি কম হয় বা ভূল নহয়েই।

     কিন্তু কেতিবা এই  সজ্জন বা গুণসম্পুৰ্ণ মানুহৰো ভুল হোৱা দেখা যায় । গতিকে, ডাঙৰ মানুহ বুলিয়েই নিজৰ কামক লৈ অতি গৰ্ব কৰা উচিত নহয় ।


    তুলসী-পাতৰ লগত কলপটুৱাৰ মুক্তি 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , ভাল মানুহ বা য্যোগ্যজনৰ লগৰ থাকি সাধাৰণ মানুহৰো উপকাৰ হোৱা । যেনে তুলসী হ'ল এবিধ অতি পবিত্ৰ বস্তু, কিন্তু কলপাটৰ তেনে লোনো গুণ নাই। কিন্তু, তুলসী থবৰ কৰণে অনা কলপটুৱা খনো এই তুলসীৰ স্পৰ্সত আহি সিও পবিত্ৰ হৈ পৰে । 

    সেয়েহে লোৱা হয় তুলসী-পাতৰ লগত কলপটুৱাৰ মুক্তি ।


    গোৰ মাৰি গংগাত পেলোৱা 

    এই অসমীয়া ফকৰা যোজনাটিৰ মূল অৰ্থ হ'ল , কাৰোবাক অপকাৰ কৰিবলৈ গৈ তাৰ উপকাৰহে সাধন কৰা। গংগা হ'ল পবিত্ৰ নদী । ইয়াৰ পানী স্পৰ্স কৰিলে মানুহ পবিত্ৰ হৈ পাপ মুক্ত হৈ পৰে। কেতিয়াবা এজন মানুহে আন এজন মানুহৰ কিবা অহিত চিন্তা বা অপকাৰ কৰাৰ বাবে বৰকৈ চেষ্টা চলাই ।

     কিন্তু দেখা যাই যে, সেই অপকাৰে মানুহ জনৰ অপকাৰ নকৰি উপকাৰহে কৰে । সেয়েহে, তাকেই লোৱা হয়, গোৰ মাৰি গংগাত পেলোৱা ।


    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.