Computer knowledge in Assamese | Types of Computer in Assamese | কম্পিউটাৰৰ প্ৰকাৰ | কম্পিউটাৰ কেই প্ৰকাৰৰ ?

 

Computer knowledge in Assamese | Types of Computer in Assamese | কম্পিউটাৰৰ প্ৰকাৰ | কম্পিউটাৰ কেই প্ৰকাৰৰ

আজিৰ যুগত কম্পিউটাৰৰ আৱস্বকতা আমি সকলোৱে জানো । আজিৰ যুগত কম্পিউটাৰৰ সহায়ত বিভিন্ন কাম সমাধা কৰা হয় । ব্যৱসায় বাণিজ্যকে ধৰি স্কুল-কলেজ তথা বিভিন্ন অনুস্থান প্ৰতিস্থান আদি আৰু বিভিন্ন কাম-কাজত কম্পিউটাৰৰ ব্যৱহাৰ অপৰিহয্য । দৈনন্দিন কাম-কাজৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰ অতি গুৰুত্বপুৰ্ণ ।


Computer knowledge in Assamese | Types of Computer in Assamese | কম্পিউটাৰৰ প্ৰকাৰ | কম্পিউটাৰৰ কেই প্ৰকাৰৰ


আজিৰ লিখিনিত কম্পিউটাৰ কেই প্ৰকাৰৰ আৰু কি কি সেই সম্পৰ্কে আলোচনা কৰা হ'ল।

তলত কম্পিউটাৰৰ প্ৰকাৰ সম্বন্ধে আলোচনা কৰা হ

    '-


    • কম্পিউটাৰৰ প্ৰকাৰ আৰু কি কি ?


    কম্পিউটাৰ সাধাৰণতে তিনি প্ৰকাৰৰ -

    ) এনালগ কম্পিউটাৰ

    ) দিজিটেল কম্পিউটাৰ

    ) হাইব্ৰিড কম্পিউটাৰ



    ) এনালগ কম্পিউটাৰ 


    এনালগ কম্পিউটাৰৰ বৈশিষ্ট হ'ল যে, এনে প্ৰকাৰৰ কম্পিউটাৰবোৰে এক প্ৰণালীগত ভাবে তথবোৰ সংৰহ কৰি অবিচ্ছিন্ন ভাবে তথ্য যোগান ধৰিব পাৰে । সেয়েহে, এনে প্ৰকাৰৰ কম্পিউটাৰবোৰক বিভিন্ন কাৰিকৰী তথা বৈজ্ঞানীক কাম-কাজৰ বাবে ব্যৱহাৰ কৰা দেখা যায়।


    ) ডিজিটেল কম্পিউটাৰ 


    ডিজিটেল কম্পিউটাৰ হ'ল সেই প্ৰকাৰৰ কম্পিউটাৰ যিবোৰ কম্পিউটাৰ আমি সকলোৱে বৰ্তমান সময়ত ব্যৱহাৰ কৰি থাকো । গতিকে, কব পাৰি যে, বৰ্তমান বিভিন্ন অফিচ কাচাৰি আদিত ব্যৱহাৰ কৰি থকা কম্পিউটাৰ বোৰেই হ'ল ডিজিটেল কম্পিউটাৰ ।

    ডিজিটেল কম্পিউটাৰৰ আকৌ আন এবিধ বিশেষ শ্ৰেণীৰ কম্পিউটাৰ আছে যাক সাধাৰণতে কোনো বিশেষ কামৰ বাবে বা এটা নিৰ্দিষ্ট কামৰ বাবে ব্যৱহাৰ কৰা হয়।


    ) হাইব্ৰিড কম্পিউটাৰ 


    হাইব্ৰিড কম্পিউটাৰ বুলি ক'লে সাধাৰণতে এনালগ কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰ সংমিশ্ৰণ বুলি কোৱা হয় । গতিকে, হাইব্ৰিড কম্পিউটাৰ হ'ল এনালগ কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰ সংমিশ্ৰণৰ দ্বাৰা তৈয়াৰ কৰা এবিধ কম্পিউটাৰ ।


    ওপৰৰ আলোচনাৰ পৰা আমি জানিলো যে , কম্পিউটাৰ কেই প্ৰকাৰ আৰু কি কি ?


    এতিয়া আলোচনা কৰিম যে, প্ৰত্যেক কম্পিউটাৰৰ কিছুমান আকাৰ, কৰ্মদক্ষতা তথা কিমান ততালিকে এটা কম্পিউটাৰে কাম সম্পন্ন কৰিব পাৰে আৰু এই কম্পিউটাৰৰ সংৰক্ষণ ক্ষমতা কিমান তথা কম্পিউটাৰৰ দামৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰবোৰক কিছুমান ভাগত ভাগ কৰা হৈছে । তলত এই কম্পিউটাৰবোৰৰ এক চমু টোকা দিয়া হ'-


    ) মাইক্ৰো কম্পিউটাৰ 

    এই মাইক্ৰো কম্পিউটাৰবোৰক সাধাৰণতে পাৰ্চনেল কম্পিউটাৰ বুলিও কোৱা হয় । এই মাইক্ৰো কম্পিউটাৰ বোৰত ব্যৱহাৰ কৰা হয় মাইক্ৰোপ্ৰচেছৰ । এই মাইক্ৰো কম্পিউটাৰ বোৰৰ কাৰ্য ক্ষমতা , সংৰক্ষন ক্ষমতা তথা মুল্য বা দামো কম হয় । যিবোৰ সাধাৰণতে আমি আমাৰ দৈনন্দিন কাম কাজৰ বাবে ব্যবহৰ কৰো। লেপটপ, নোটবুক তথা পামটপ আদিও এই শ্ৰেণীৰ মাইক্ৰো কম্পিউটাৰ অন্তৰ্গত ।


    ) মিনি কম্পিউটাৰ 

    মাইক্ৰো কম্পিউটাৰতকৈ অলপ বেছি কাৰ্যদক্ষতা থকা কম্পিউটাৰবোৰেই হ'ল মিনি কম্পিউটাৰ । যাৰ মুল্য তথা দাম আৰু কাম মাইক্ৰো কম্পিউটাৰতকৈ অলপ বেছি ।


    ) মেইন ফ্ৰেম কম্পিউটাৰ 

    মিনি কম্পিউটাৰতকৈ অধিক বেছি কাৰ্যদক্ষতা থকা কম্পিউটাৰবোৰেই হ'ল মেইন ফ্ৰেম কম্পিউটাৰ । এই কম্পিউটাৰবোৰৰ তথ্য সংৰক্ষণ ক্ষমতা অধিক বেছি আৰু এই কম্পিউটাৰবোৰৰ গতিও অধিক হয় । গতিকে এই বিধ মেইন ফ্ৰেম কম্পিউটাৰে কোনো এটা কাম অতি ক্ষিপ্ৰতাৰে সমাধা কৰিব পাৰে ।


    ) ছুপাৰ কম্পিউটাৰ 


    ছুপাৰ কম্পিউটাৰ হ'ল আটাইতকৈ শক্তিশালী কম্পিউটাৰ । এই ছুপাৰ কম্পিউটাৰ হ'ল অতি ডাঙৰ আৰু তীৰ ক্ষমতা সম্পন্ন । সেয়েহে, এই ছুপাৰ কম্পিউটাৰৰ দামো অত্যধিক হয় । এই বিধ কম্পিউটাৰ সাধৰণ শ্ৰেণীৰ মানুহৰ বাবে ক্ৰয়যুক্ত নহয় । এইবিধ কম্পিউটাৰ বিভিন্ন ধনণৰ বৈজ্ঞানীক কৰ্য্য-কলাপ সমাধা কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। যেনে - ৰকেট তথা মিছাইল আদি উক্ষেপন কৰা তথা ডিজাইন কৰা , বতৰ গৱেষণা কৰা , মহাকাষ গবেষণা কৰা আদি কাৰ্য্যত ব্যৱহাৰ কৰা দেখা যায় ।


    গতিকে, ওপৰৰ আলোচনাৰ পৰা আমি ওপৰৰ জানিলো কম্পিউটাৰ সম্পৰ্কে কিছু জনিব লগা কথা ।


    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.