An short essay on Bihu festival in Assamese | ৫০০ শব্দৰ ভিতৰত বিহু উৎসৱ সম্পৰ্কে এক লিখনি

An short essay on Bihu festival in Assamese | ৫০০ শব্দৰ ভিতৰত বিহু উৎসৱ  সম্পৰ্কে এক লিখনি


 আজিৰ এই লেখনীত অসমৰ জাতীয় উৎসৱ বিহু সম্পৰ্কে এক লেখ প্ৰস্তুত কৰি উলিওৱা হ'ল।

An short essay on Bihu festival in Assamese | ৫০০ শব্দৰ ভিতৰত বিহু উৎসৱ  সম্পৰ্কে এক লিখনি


বিহু

বিহু হ'ল অসমীয়াৰ জাতীয় উৎসৱ । অসমৰ সকলো শ্ৰেণীৰ মানুহে এই উৎসৱ বৰ আনন্দ উল্লাহেৰে পালন কৰে। বিহু হ'ল এক আনন্দৰ উৎসৱ । বিহু হ'ল শান্তি , শক্তি আৰু একতাৰ প্ৰতিক । বিহুৰ বতৰত সকলো মানুহৰে মন-প্ৰাণ উৎসাহেৰে আনন্দেৰে ভৰি পৰে । বিহুৰ নাম শুনিলেই প্ৰতিজন অসমীয়াৰে মন-প্ৰান নাচি উঠে আৰু হৃদয় আনন্দৰে ভৰি পৰে। অসমৰ চূকে-কোণে থকা সকলোৱে বিহু বৰ আনন্দেৰে পালন কৰা দেখা যায়। অসমৰ পৰ্বত-পাহাৰৰ সকলো জাতি , জন-জাতিয়ে এই বিহু উৎসৱ বৰ আনন্দেৰে পালন কৰা দেখা যায়। অসমীয়াৰ জাতীয় উৎসৱ আনন্দৰ উৎসৱ এই বিহুৰ মাজেৰেই অসমীয়া জাতীৰ কলা-সংস্কৃতি আচাৰ সভ্যতাৰ উমান পোৱা যাই।


    বিহুৰ উৎপত্তি 

    বিহু নামৰ উৎপত্তি সম্পৰ্কে বিভিন্ন জনৰ বিভিন্ন মত। বিহু প্ৰকৃততে ক'ৰ পৰা আৰু কেতিয়াৰ পৰা পালন কৰিবলৈ লোৱা হৈছিল সেই সম্পৰ্কে বিভিন্ন জনৰ বিভিন্ন মত। বহুজনৰ মতে বিষুৱ সংক্ৰান্তিত বিহু উৎসৱ পালন কৰা হয় বাবে বিষুৱ শব্দৰ পৰাই বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহুজনেই কব খোজে । গতিকে ,বিহু নামৰ উৎপত্তি য'ৰেই পৰাই উৎপত্তি নহওক, বিহু অসমীয়াৰ জাতীয় উৎসৱ । জাতীয় জীৱনৰ সকলো আবেগ-অনুভুতি উৎসাহ আনন্দ বিহুৰ লগতে জৰিত। এক কথাত কবলৈ গলে , বিহু হ'ল অসমীয়াৰ প্ৰাণ ।

    বিহুৰ বৰ্ণনা 

    অসমীয়াৰ জাতীয় উৎসৱ  বিহু হ'ল তিনিটা । 

    ১) বহাগ বিহু বা ৰঙালী বিহু

    ২) কাতি বিহু বা কঙালী বিহু

    ৩) মাঘ বিহু বা ভোগালী বিহু

    ১) বহাগ বিহু বা ৰঙালী বিহু

    বহাগ বিহু বা ৰঙালী বিহু পালন কৰা হয় বসন্ত কালত। এই বহাগ বিহুৰ পৰাই অসমীয়া নতুন বছৰৰ আৰম্ভনি হয়। এই বহাগ বিহু বা ৰঙালী বিহু সাত দিন ধৰি পালন কৰা হয়। চত মাহৰ শেষ দিনাখনৰ পৰা সাত দিন ধৰি এই বিহু পালন কৰা হয়। বহাগ বিহু বা ৰঙালী বিহুৰ প্ৰথম দিনটাত গৰু বিহু হিচাপে পালন কৰা হয়। সেই দিনাখন ৰাতিপুৱাই গৰুৰ গাত মাহ-হালধি সানি নদীত গা ধুৱাবলৈ লৈ যোৱা হয়। গা ধুৱাবলৈ নিয়াৰ সময়ত গৰুৰ গাত লাও বেঙেনা মাৰি এই বুলি কোৱা হয় যে-


    " লাও খা, বেঙেনা খা ;

    বছৰে বছৰে বাঢ়ি যা।

    মা'ৰ সৰু, বাপেৰ সৰু

    তই হবি বৰ গৰু। "


    গধুলি যেতিয়া গৰু ঘৰলৈ ঘুৰি আহে তেতিয়া গৰুক নতুন পঘাৰে বন্ধা হয় আৰু গৰুক পিঠা আদি খুওৱা হয়।

    দ্বিতিয় দিনা মানুহৰ বিহু । সেই দিনা মানুহেও গাত মাহ-হালধি ঘহি গা ধোৱে। সেইদিনা মানুহে নতুন বিহুৱান লয় আৰু ডাঙৰক সেৱা জনাই। তাৰ পাছত চিৰা-দৈ, লাৰু পিঠা খায় । বহাগৰ বিহুটি হ'ল বৰ আনন্দৰ বিহু। বহাগ বিহু বা ৰঙালী বিহুৰ সময়ত আমাৰ ডেকা সকলে ঢোল , পেপা , গগনা বজাই আৰু মানুহৰ ঘৰে ঘৰে গৈ হুচৰি গায় । এই বিহুটিত বৰ আনন্দ বাবে ইয়াক ৰঙালী বিহু বুলি কোৱা হয়।


    ২) কাতি বিহু বা কঙালী বিহু

    এই বিহু আহিন আৰু কাতি মাহৰ দোমাহিৰ দিনা পালন কৰা হয়। এই বিহুটি সাধৰণতে বৰ উলহ মালহেৰে পালন কৰা নহয়। কিয়নো এই সময়ত কৃষকৰ ভৰাল উদং হৈ থাকে বাবে বিভিন্ন অভাৱ অনাটন হোৱা দেখা যাই। সেই বাবেই এই বিহুটিক কঙালী বুলিও কোৱা হয়। কাতি বিহুৰ দিনাখন পথাৰত আকশ বন্তি জ্বলোৱা হয় ।


    ৩) মাঘ বিহু বা ভোগালী বিহু

    এই বিহু পালন কৰা হয় পুহ আৰু মাঘৰ দোমাহীৰ দিনা । এই সময়ত পথাৰৰ পৰা শস্য চপোৱা হয়। সেই বাবে এই বিহুৰ সময়ত খাদ্য সামগ্ৰীৰ কোনো অভাৱ নাথাকে। সকলো বস্তুৰেই উভৈনদী হৈ থাকে বাবে এই বিহুটিক ভোগালী বিহু বুলিও কোৱা হয়। এই বিহুৰ আগদিনা মানে দোমাহীৰ আগদিনা হ'ল " উৰুকা " । সেইদিনা গাওঁৰ সকলোৱে লগ হৈ পথাৰত মেজি বা ভেলাঘৰ সাজি ৰাতি তাত ভোজ-ভাত খাই আনন্দ কৰে । ৰাতিপুৱা সকলোৱে গা ধুই মেজি জলই দিয়ে। তাৰ পাছত সকলোৱে মেজিত সেৱা জনাই ঘৰলৈ উভতি যায় । ঘৰলৈ ঘুৰি আহি সৰুৱে -ডাঙৰক সেৱা জনাই আৰু সকলোৱে পিঠা পনা জা-জলঅপান আদি খায় ।

                        এই দৰেই প্ৰতিজন অসমীয়াই আমাৰ সকলোৰে মৰমৰ জাতিয় উৎসৱ বিহু পালন কৰা দেখা যায় । বিহুটি হ'ল অসমীয়া জাতিতোৰ বাপটি সাহোন । বিহু উৎসৱ অসমীয়া জাতিৰ কৃষ্টি ৰক্ষা কৰে। বিহু হ'ল শান্তি , শক্তি আৰু একতাৰ প্ৰতিক ।


     


    Tags

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.