ABCD of Computer in Assamese |Know about Computer Keyboard in Assamese | কম্পিউটাৰৰ ABCD শিকো আহক | কম্পিউটাৰৰ কিব'ৰ্ড বিষয়ে অলপ কিছু

 ABCD of Computer in Assamese |Know about Computer Keyboard in Assamese |
 কম্পিউটাৰৰ ABCD শিকো আহক |  কম্পিউটাৰৰ কিব'ৰ্ড বিষয়ে অলপ কিছু


আজিৰ যুগত কম্পিউটাৰৰ ব্যৱহাৰিক দিশৰ বিষয়ে আমি সকলোৱে জানো । আজি কম্পিউটাৰৰ সহায়ত কম সময়তে বিভিন্ন কাম সমাধা কৰা হয় । ব্যৱসায় বাণিজ্যকে তথা বিভিন্ন অনুস্থান প্ৰতিস্থান আদিত কম্পিউটাৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য ।


আজিৰ লিখিনিত  কম্পিউটাৰৰ কিব'ৰ্ড  বিষয়ে অলপ আলোচনা কৰা হ'ল।

ABCD of Computer in Assamese |Know about Computer Keyboard in Assamese |


তলত  কম্পিউটাৰৰ কিব'ৰ্ড  সম্বন্ধে আলোচনা কৰা হ'ল-


কম্পিউটাৰৰ কিব'ৰ্ড  ব্যৱহাৰ 

কম্পিউটাৰৰ কিব'ৰ্ড  ব্যৱহাৰৰ বিষয়ে আমি সকলোৱে জানো । তথা কম্পিউটাৰ এটাসুকলমেপৰিচালিত কৰিবলৈ এখন কিব'ৰ্ড  ৰ যে দৰকাৰ সেই সম্পৰ্কে সকলোৱে জানে । কম্পিউটাৰ এটা সুকলমে পৰিচালিত কৰিবলৈ তথা টাইপ কৰা তথা  কম্পিউটালৈ ইনপুট দিয়া আদি কামৰ বাবে এখন কিব'ৰ্ড ৰ দৰকাৰ হয় ।

এখন আদৰ্শ কম্পিউটাৰ কিব'ৰ্ড ত সাধাৰণতে ১০৪ টা কী বা বুটাম থাকে । কিব'ৰ্ড বিশেসে কী ৰ সংখ্যা বেলেগ বেলেগ হ'ব পাৰে ।

এই কিব'ৰ্ড  খন আমি ব্যৱহাৰ কৰা টাইপ ৰাইটাৰৰ দৰেই হোৱা দেখা যাই ।



    •  আলফানিউমাৰিক কী কি ?
    • ফাংশ্বনেল কী কি ?
    •  ষ্পেচিয়েল কী কি ?


    এখন আদৰ্শ কম্পিউটাৰ কিব'ৰ্ড তথা কিব'ৰ্ড কী বোৰক সাধাৰণতে ৩ টা ভাগত ভাগ কৰা হয়।

    ১) আলফানিউমাৰিক কী

    ২) ফাংশ্বনেল কী

    ৩) ষ্পেচিয়েল কী


    ১) আলফানিউমাৰিক কী 

     আলফানিউমাৰিক কী মানে হ'ল যিবোৰ কীৰ দ্বাৰা আমি কম্পিউটাৰত আলফাবেত (A-Z নাইবা a-z) আৰু নম্বৰ/সংখ্যা (0-9)যোগান ধৰো । আখৰ বা সংখ্যাৰ যোগান ধৰাই হ'ল আলফানিউমাৰিক কীৰ প্ৰধান কাম।

    ২) ফাংশ্বনেল কী 

    আমি সাধাৰণতে কম্পিউটাৰ কিব'ৰ্ডৰ একবাৰে ওপৰৰ শাৰীত যিবোৰ কী দেখিবলৈ পাও , সেই কীবোৰকেই ফাংশ্বনেল কী  বুলি কোৱা হয়।

    সাধাৰণতে কম্পিউটাৰ কিব'ৰ্ডৰ একবাৰে ওপৰৰ শাৰীত থকা এফ ১ (F1) ৰ পৰা এফ ১২ (F12) লৈ এই কীবোৰকেই ফাংশ্বনেল কী বুলি কোৱা হয়।

    এটিয়া এই কী বোৰৰ নো কাম কী ? দৰাচলেতে এফ ১ (F1) ৰ পৰা এফ ১২ (F12)লৈ এই প্ৰতিটো কীৰে নিজা নিজা কাম আছে । আমি সাধাৰণেতে কম্পিউটাৰত যিবোৰ এপ্লিকেশন বা প্ৰগ্ৰেম চলাও বা ব্যৱহাৰ কৰো তাত এই ফাংশ্বন কীবোৰৰ কামো বেলেগ বেলেগ হয়।

    যেনে- এম এস ৱাৰ্ড ব্যৱহাৰৰ ক্ষেত্ৰত এটা ফাংশ্বন কী যিটো কামৰ বাবে ব্যৱহাৰৰ কৰা হ'ব, সেই একেটা ফাংশ্বন কীৰ ব্যৱহাৰ এম এচ এক্শেল  ব্যৱহাৰ কৰোতে বেলেগ হ'ব পৰে আকৌ এম এচ পাৱাৰ পইণ্টৰ ব্যৱহাৰৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে ।

    ৩) ষ্পেচিয়েল কী  

    এখন আদৰ্শ কম্পিউটাৰ কিব'ৰ্ডত থকা ষ্পেচিয়েল কী  বহুতো থাকে ।

    উদাহৰণ স্বৰূপে - এছকেপ কী, টেব কী, কেপচ লক কী , ছিফট কী, কণ্ট'ল কী, অল্ট কী বা অল্টাৰ কী, স্পেচবাৰ কী, বেক স্পেচ কী, এণ্টাৰ কী, ব্ৰেক কী, ইনছাৰ্ট কী, ডিলিট কী, হোম  এণ্ড কী, এৰো কীচ, নাম লক কী, স্ক্ৰোল কী, পেজ আপ কী, পেজ ডাওন কী ইত্যাদি ।

    • এছকেপ কী ( Esc) - এই কীৰ ব্যৱহাৰৰ দ্বাৰা আপুনি আপোনাৰ কম্পিউটাৰত চলি থকা কাম এটা ততালিকে বন্ধ কৰি দিব পাৰে । আপুনি আপোনাৰ কম্পিউটাৰত চলি থকা ভিডিও তথা গেম আদি ততালিকে বন্ধ কৰাৰ বাবে এই কীৰ সহায় লব পাৰে ।
    • টেব কী ( Tab ) - টেব কী সাধাৰণতে দুটা শব্দৰ মাজত অলপ বেছিকৈ ফাক/ দূৰাত্ব ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।
    • কেপচ লক কী ( Caps Lock )  - কেপচ লক কী কেৱল দুটা কামৰ বাবে আপুনি আপোনাৰ কম্পিউটাৰত ব্যৱহাৰ কৰিব পাৰে। তাৰে এটা হ'ল এই কী যদি আপুনি ব্যৱহাৰ কৰে তেন্তে আপুনি কিব'ৰ্ডৰ সহায়ত কম্পিউটাৰত বৰফলাৰ আখৰ লিখিব পাৰিব, আৰু ইয়াক ব্যৱহাৰ নকৰাকৈ টাইপ কৰিলে সৰু ফলাৰ আখৰ লিখিব পাৰিব।
    • ছিফট  কী ( Shift ) - এই ছিফট  কীয়ে সাধৰণতে নিজে কোনো কাম নকৰে , মাথো অন্য কীৰ সহায় লৈহে কাম কৰে। যেনে- এই কীটো হেচি থাকি যদি আপুনি আপোনাৰ কিব'ৰ্ডৰ সোঁহাতে থকা এৰো কী ( ← ↑ → ↓ ) ব্যৱহাৰ কৰি শব্দ বা আখৰ যিমান ইছা সিমান চিলেক্ত (select) কৰি যাব পাৰে।   তাৰোপৰি এই ছিফট  কীৰ আন এটা কাম হ'ল যে, এই এই ছিফট  হেচি থাকি যদি আপুনি টাইপ কৰে তেন্তে আখৰবোৰ অৰফলাত টাইপ কৰিব পাৰে।
    • কণ্ট'ল কী ( Ctrl ) - এই কণ্ট'ল কীয়ে সাধৰণতে নিজে কোনো কাম নকৰে , মাথো অন্য কীৰ সহায়ক হিচাপে কাম কৰে।
    • অল্ট কী বা অল্টাৰ কী ( Alt ) - এই অল্ট কী বা অল্টাৰ কী ব্যৱহাৰ কৰি আপুনি মাউচৰ কাম কৰিব পাৰে । মানে এই অল্ট কী বা অল্টাৰ কী হেচি থাকি অন্য কীৰ সহাই লৈ মাউচৰ কাম কৰিব পাৰে।
    • স্পেচবাৰ কী ( Space) - এই স্পেচবাৰ কীৰ সহায়ত দুটা আখৰৰ মাজত খালি ঠাই দিয়া হয়। মানে দুটা আখৰক পৃথক কৰিবলৈ এই কী ব্যৱহাৰ কৰা হয়। সাধাৰণতে অন্য কী বোৰক যদিও বিভিন্ন নামেৰে নামাকৰণ কৰা হয়, মানে আপুনি আপোনাৰ কীবোৰ্ডত লক্ষ্য কৰিলে দেখা পাব যে অন্য সকলো কীৰে নাম দিয়া থাকে বা প্ৰতিতো কীৰ ওপৰত সংখ্যা বা আখৰ লিখা থাকে।                কিন্তু, সাধাৰণতে  স্পেচবাৰ কীত স্পেচবাৰ বুলি লিখা নাথাকে। যদি কোনো কীবোৰ্ডত লিখা থাকে সেইটো মই নাজানো। গতিকে, আপুনি গম পাব যে, যিটো কীৰ নাম দিয়া নাথাকে নাইবা কিব'ৰ্ডৰ আটাইতকৈ যিটো দীঘল কী থাকে সেইটোৱেই  স্পেচবাৰ কী। সাধাৰণেতে এই কী কিব'ৰ্ডৰ একেবাৰে তলৰ শাৰীত থাকে।
    • বেক স্পেচ কী ( Backspace ) - এই বেক স্পেচ কী ব্যৱহাৰ কৰা হয় বেক মানে ওভতি আহিবলৈ বা পাছলৈ ঘুৰি আহিবলৈ ব্যৱহাৰ কৰা হয়। আৰু কোনো আখৰ আদি মচিবলৈ ব্যৱহাৰ কৰা হয়।
    • এণ্টাৰ কী ( Enter ) - এই এণ্টাৰ  কীৰ ব্যৱহাৰ কৰা হয় এটা পেৰেগ্ৰাফ পৰিবৰ্তন কৰিবলৈ  । তাৰোপৰি, আপুনি চিলেক্ত কৰা প্ৰগ্ৰেমৰ ভিতৰত সোমাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
    • ব্ৰেক কী ( Break ) -   এই ব্ৰেক কী ব্যৱহাৰ কৰা হয় কোনো এটা প্ৰগ্ৰেম বন্ধ কৰি দিবৰ বাবে। কিন্তু, এই ব্ৰেক কী ব্যৱহাৰৰ ফলত কামকৰি থকা দাতাবোৰ মচি যাই বা ডিলিট হৈ যায়।           সেই গতিকে চলি থকা এটা প্ৰগ্ৰেম বন্ধ কৰিবৰ বাবে এই কীৰ সলনি এছকেপ কী ব্যৱহাৰ কৰা দৰকাৰ বা উচিত বুলি বিৱেচনা কৰা হয়।
    • ইনছাৰ্ট কী ( Insert ) - এই ইনছাৰ্ট কী দ্বাৰা কোনো শব্দ বা আখৰ বা আন কোনো ওবজেক্ট আদি অন্তৰ্ভুক্তি কৰিব পাৰি।
    • ডিলিট কী ( Delete ) - এই ডিলিট কীৰ বিষয়ে সকলোৱে জানেই যে ইয়াৰ দ্বাৰা শব্দ-আখৰ আদি ডিলিট কৰা হয় বা মচি পেলোৱা হয়।
    • হোম  কী ( Home ) - এই হোম কীৰ দ্বাৰা আপুনি লিখি থকা শাৰীৰ একেবাৰে আৰাম্ভণিলৈ যাব পাৰে।
    • এণ্ড কী ( End ) - এই এণ্ড  কীৰ দ্বাৰা আপুনি লিখি থকা শাৰীৰ একেবাৰে শেষলৈ যাব পাৰে।
    •  এৰো কীচ ( Arrow ⏩⏪⏫⏬ )  - এই কীৰ দ্বাৰা আপুনি যেতিয়া কম্পিউটাৰত কাম কৰি থাকে তেতিয়া কাৰ্ছৰডাল ওপৰ-তল-বাঁওফাল-সোঁফাল কৰিব পাৰে।
    •  নাম লক কী ( Num Lock ) - এই নাম লক কী ব্যৱহাৰ কৰি মানে নাম লক কী অন কৰি লৈ আপুনি কীবৰ্ডৰ সোঁফালে থকা ১ ৰ পৰা ০ লৈ সংখ্যাবোৰ টাইপ কৰিব পাৰে। এই কীটো বন্ধ বা অফ হৈ থাকিলে আপুনাৰ কীবৰ্ডৰ সোঁফালে থকা সংখ্যা বোৰ টাইপ কৰিব নোৱাৰে।
    • স্ক্ৰোল কী ( Scroll) - এই কীৰ ব্যৱহাৰ কৰি আপুনি দুটা কাম সাল-সলনিকৈ কৰিব পাৰে ।
    • পেজ আপ কী ( Page Up ) - পেজ আপ কীৰ ব্যৱহাৰ কৰা হয় এখন পেজৰ পৰা আন এখন পেজলৈ গতি কৰিবলৈ । মানে, পেজ আপ কী ব্যৱহাৰ কৰি আপুনি কাম কৰি থকা পেজখনৰ আগৰ খন পেজলৈ যাব পাৰে।
    • পেজ ডাওন কী ( Page Down ) - পেজ ডাওন কীৰো ব্যৱহাৰ কৰা হয় এখন পেজৰ পৰা আন এখন পেজলৈ গতি কৰিবলৈ । মানে, পেজ ডাওন কী ব্যৱহাৰ কৰি আপুনি কাম কৰি থকা পেজখনৰ পিছৰ খন পেজলৈ যাব পাৰে।

                        গতিকে, ওপৰৰ আলোচনা পৰা আমি জানিব পাৰিলো কম্পিউটাৰৰ বিভিন্ন কী আৰু তাৰ   ব্যৱহাৰৰ সম্পৰ্কে । 


    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.