What is POS (Point of Sale) Machine | পি ও এচ (POS) মেচিন কি | ইয়াৰ ব্যবহাৰ কি | ইয়াক ক'ত ব্যবহাৰ কৰা হয়

 What is POS (Point of Sale) Machine in Assamese | পি ও এচ (POS) মেচিন কি | ইয়াৰ ব্যবহাৰ কি | ইয়াক ক'ত ব্যবহাৰ কৰা হয় ?


আজিৰ এই লিখনিত পি ও এচ (POS) মেচিনো কি , ইয়াক ক'ত ক'ত ব্যবহাৰ কৰা হয় আৰু কিয় ব্যবহাৰ কৰা হয় সেই সম্পৰ্কে আলোচনা কৰা হ'ল ।

পি ও এচ মেচিন যাক ইংৰাজিত Point of Sale Machine বুলি কোৱা হয় । ইয়াক অসমীয়াত 'বিক্ৰি বিন্দু ' বুলি কব পাৰি । সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ কাম কৰাৰ পদ্বতিৰো সলনি হৈ পৰিছে । বৰ্তমানৰ যুগটো হ'ল প্ৰযুক্তিবিদ্যাৰ যুগ। এই যুগত প্ৰায়ভাগ কাম দিজিটেল হৈ পৰিছে। বৰ্তমানৰ যুগটো হ'ল দিজিটেল যুগ । আজিকালিৰ যুগত বিভিন্ন কাম কম্পুটাৰৰ মধ্যমতে কৰা হয়। আজিকালি এই  দিজিটেল যুগত কেছলেশ ( cashless) ব্যবস্থা বৰ দ্ৰুত গতিত আগবাহি আহিছে । আজিকালি প্ৰায় সকলো ব্যবসায়িক প্ৰতিস্থানতে  কেছলেশ  ব্যবস্থা আহি পৰিছে । সেয়েহে প্ৰায় সকলো ব্যবসায়িক প্ৰতিস্থানতে  পি ও এচ মেছিন ব্যবহাৰ কৰা দেখা যায়।


What is POS (Point of Sale) Machine


    পি ও এচ (POS) মেচিন কি ?


    এতিয়া কথা হ'ল এই পি ও এচ (POS) মেচিনো দৰাচলতে কি । এই পি ও এচ (POS) মেচিন দৰচলেতে দেখাত পুৰনি সময়ত ব্যবহাৰ কৰা আকাৰত ডাঙৰ মোবাইল ফোনৰ আকৃতিৰ নিছিনা হয় । যাৰ মাধ্যমেৰে কেছ্লেচ লেন-দেন কৰা হয়। ইয়াৰ যোগেদি অনলাইন পেমেণ্ট ৰিচিভ কৰা হয়। ইয়াৰ যোগেদি গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত নগদ ধনৰ আদান-প্ৰদান নকৰাকৈ অনলাইন মাধ্যমতে পেমেণ্ট কৰা হয়। এই মেচিনৰ যোগেদি লেন-দেন কৰাৰ বাবে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড ব্যবহাৰ কৰা হয়। এই মেচিনৰ যোগেদি ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড স্বৱাইপ কৰি লেন-দেন প্ৰক্ৰিয়া সম্পুৰ্ণ কৰা হয়।


    এই পি ও এচ (POS) মেচিনৰ দাম নো কিমান ?

    সাধাৰণেতে এই এই পি ও এচ মেচিন বজাৰত সহজতে উপলব্দ হয়। এই মেচিন একোটাৰ দাম বিশ-পচিছ হাজাৰৰ পৰা আৰম্ভ কৰি এক লাখ পৰ্যন্ত হব পাৰে।


    পি ও এচ (POS) মেচিন ব্যবহাৰ ক'ত কৰা হয় ?

    সাধৰণেতে যিকিনো ব্যৱসায়িক প্ৰতিস্থানতে ইয়াৰ  ব্যবহাৰ হোৱা দেখা যায় । গ্ৰহকে যেতিয়া কোনো এটা বস্তু বা সেৱা গ্ৰহন কৰাৰ পাছত নগদ ধন নিদি নিজৰ বেংকৰ একাউণ্টৰ যোগেদি পেমেণ্ট কৰাৰ ইচ্ছা কৰে তেতিয়া তেওঁ নিজৰ ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যবহাৰ কৰি এই পি অ এচ মেচিনত স্বৱাইপ কৰি বিল প্ৰদান কৰে। যেতিয়া গ্ৰাহেকে এই পি অ এচ মেচিনত স্বৱাইপ কৰি বিল প্ৰদান কৰে তেতিয়া গ্ৰাহকৰ বেংকৰ পৰা টকা কাটি যায় আৰু সেই টকা বিক্ৰেতাৰ বেংকৰ একাউণ্টত সোমাই পৰে। ইয়াৰ পাছত এই পি অ এচ মেচিনৰ পৰা অটোমেটিক দুখন ৰচিদ ওলাই পৰে, য'ত গ্ৰহকে কৰা লেন-দেনৰ সম্পুৰ্ণ বিবৰণ থাকে । তাৰ পাছত সেই সুখন ৰচিদৰ এখন গ্ৰহকক দিয়া হয় আৰু আনখন ব্যবসায়ীয়ে নিজে ৰাখি লয়।


    পি ও এচ (POS) মেচিন ব্যবহাৰৰ সুবিধা-অসুবিধা কি ?


    এই মেচিনৰ ব্যবহাৰৰ প্ৰধান সুবিধা হ'ল- এই মেচিনৰ ব্যবহাৰ ফলত গ্ৰহকে নগদ ধন হাতত লৈ ফুৰাৰ কোনো দৰ্কাৰ নাই । তাৰোপৰি, গ্ৰহকে খৰচ কৰা সকলো তথ্য বেংক ষ্টেতমেণ্টত আহি পৰে, যিহেতু তেওঁ এই পি অ এচ মেচিনৰ দ্বাৰা ডেবিট বা ক্ৰেডিট কাৰ্দৰ মাধ্যমেৰে লেন-দেন কৰে।

    যা হ'ওক ,এই পি ও এচ (POS) মেচিন ব্যবহাৰৰ পৰা কোনো অসুবিধা নাই যদিও এই মেচিনৰ দ্বাৰা লেন-দেন কৰাৰ ক্ষেত্ৰত গ্ৰহক অলপমান সতৰ্ক হৈ লেন-দেন কৰা দৰকাৰ।


     

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.