অসমীয়া ব্যাকৰণৰ | Assamese Grammar | Khanda Bakya Aru Jatuwa Thas

 সুতথ্য এক দিজিটেল যাত্ৰা , এই ব্লাগটিত অসমীয়া ভাষাত বিভন্ন ধৰণৰ তথ্য আৰু বিভন্ন টেকনিকেল বিষয় সম্বন্ধে লিখা হয়। অসমীয়া ব্যাকৰণ তথা ৰচনা আদি ইয়াত উপলব্ধ। আজিৰ এই লিখনিৰ দ্বাৰা অসমীয়া ব্যাকৰণৰ কিছু আলোচনা কৰা হব । আজিৰ এই লিখনিত অসমীয়া ভাষাৰ  খণ্ডবাক্য আৰু জতুৱা ঠাঁচ ( khanda bakya aaru jatuwa thas ) কিছুমান আলোচনা কৰা হ'ল ।

এই  খণ্ডবাক্য আৰু জতুৱা ঠাঁচ বোৰ বিভিন্ন প্ৰতিযোগিতামুলক পৰিক্ষাৰ বাবেও দৰকাৰি । খণ্ডবাক্য বা জতুৱা ঠাঁচ অসমীয়া ব্যাকৰণৰ এক অতি গুৰুত্বপূৰ্ণ বিষয়। আজি এই লিখনিত খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা কৰাৰ বাবে কিছু উদাহৰণ লৈছো। আজিৰ আলোচনাত শতাধিক খণ্ডবাক্য বা জতুৱা ঠাঁচ আলোচনা কৰা হ'ল। এই খণ্ডবাক্য বা জতুৱা ঠাঁচ বোৰ অতি দৰকাৰি । এই খণ্ডবাক্য বা জতুৱা ঠাঁচ বোৰ জনাতো সকলোৰেই বাবে প্ৰয়োজনীয় । কাৰণ, খণ্ডবাক্য বা জতুৱা ঠাঁচ হ'ল অসমীয়া ব্যাকৰণৰ এক অতি গুৰুত্বপুৰ্ণ বিষয় ।


অসমীয়া ব্যাকৰণৰ | Assamese Grammar | Khanda Bakya Aru Jatuwa Thas


জতুৱা ঠাঁচ মানে কি?

জতুৱা ঠাঁচ হ'ল অসমীয়া ভাষাত ব্যৱহৃত কিছুমান শব্দৰ সমিষ্টবা গোট যাক বিশেষ কথা একোটা বুজাবৰ বাবে ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ প্ৰটিতো শবৰেই অৰ্থ বেলেগ বেলেগ,  কিন্তু যেতিয়া ইয়াক বাক্যত ব্যৱহাৰ হয় তেতিয়া একোটা বেলেগ অৰ্থ এটা বুজায় বা প্ৰকাশ কৰে । জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom। ইংৰাজী ভাষাৰ  Idiom কেই আমাৰ অসমীয়াত জতুৱা ঠাঁচৰ বুলি কোৱা হয় ।

                Contents


    Assamese Grammar


    Khanda Bakya Aru Jatuwa Thas - খণ্ডবাক্য | জতুৱা ঠাঁচ | বাক্য ৰচনা


     খণ্ডবাক্য আৰু জতুৱা ঠাঁচ


    ১। পানীৰ তলৰ কাঁইট   ( গোপন শত্ৰু )

      - কোন কাৰ পানীৰ তলৰ কাঁইট সেইটো বিচৰাতো সম্ভব নহয় ।

    ২। বুকুৰ কুটুম   ( অতি আপোন )

     - তেখেত মোৰ  বুকুৰ কুটুম আছিল ।

    ৩। হাত লৰ   ( চোৰ স্বভাব ) 

     - হাত লৰ স্বভাবৰ মানুহে সদাই সুযোগ পালেই আনৰ বস্তু নিবলৈ বিচাৰে।

    ৪। গাই বাই চা   ( সকলো প্ৰকাৰৰ চেস্তা কৰি চোৱা ) 

     - তেওঁ বেংকৰ লোন টোৰ বাবে গাই বাই চালে যদিও একো ফল ন'হল ।

    ৫। চকু চৰহা   ( আনৰ ভাল দেখিব নোৱাৰা ) 

     - চকু চৰহা মানুহে আনৰ উন্নতি কেতিয়াও সহ্য কৰিব নোৱাৰে ।

    ৬। খাই পাত ফলা   ( অশলাগী / উপকাৰীৰ শলাগ নোলোৱা )

     - খাই পাত ফলা লোকক মই কেতিয়াও ভাল নাপাও ।

    ৭। চকুৰ কুটা দাঁতৰ শাল   ( শত্ৰু/ একেবাৰে দেখিব নোৱাৰা )

     - কাৰোবাৰ বাবে  চকুৰ কুটা দাঁতৰ শাল হৈ একো লাভ নাই ।

    ৮। আলাসৰ লাড়ু   ( অতি মৰমৰ ) 

     - নাতি-নাতিনীহত  আইতাকৰ বাবে আলাসৰ লাড়ু ।

    ৯। ধোদৰ পচলা   ( অকামিলা/এলেহুৱা মানুহ )

     - ধোদৰ পচলা হৈ ঘুৰি ফুৰি আজিৰ দিনত একো লাভ নাই ।

    ১০ । সাত ঘাটৰ সৈয়াকণী   ( অতি চতুৰ / অতি দুষ্ট )

     - জন্তু কুলৰ ভিতৰত শিয়াল হ'ল সাত ঘাটৰ সৈয়াকণী ।

    ১১। দলনিত পোনা মেলা   ( আলাই-আথানি কৰা )

     - যোৱাবাৰ বানপানীয়ে আমাৰ গাওঁৰ ৰাইজৰ দলনিত পোনা মেলিছিল।

    ১২। ইহলীলা সম্বৰণ কৰা   ( মৃত্যু হোৱা )

     - কেবাদিনো কৰোনা বেমাৰৰ সৈতে যুজি অবশেষত মানুহজনে ইহলীলা সম্বৰণ কৰিলে ।

    ১৩। লোকান্তৰ ঘটা   (  মৃত্যু হোৱা ) 

      -  কেবাদিনো কৰোনা বেমাৰৰ সৈতে যুজি অবশেষত মানুহজনে ইহলীলা সম্বৰণ কৰিলে ।

    ১৪। কাণে কাণ মাৰি   ( কোনোমতে / কথমপি )

     -  সি কাণে কাণ মাৰি পৰীক্ষাত উত্তীৰ্ণ হ'ল ।

    ১৫। ঘৰ পতা   ( বিয়া বাৰু কৰ )

     - সময় থাকোতে ঘৰ খন পতাৰ বাবে আইতাকে তাক পৰমৰ্শ দিছিল ।

    ১৬। কাণ কটা   ( দুষ্ট স্বভাবৰ )

     - কোনো কাণ কটা লোকেহে তেনে কাম কৰিবলৈ সাহস কৰিব পাৰে ।

    ১৭। কপাল ফুল   ( সৌভাগ্য উদয় হোৱা )

     - লটাৰিত জিকি তাৰ কপাল ফুলিল ।

    ১৮। গা গধুৰ   ( লেধা/ কামত ধীৰ গতি )

     - তেওঁৰ নিছিনা গা গধুৰ মানুহে এই কামতো দহ দিনতো শেস কৰিব নোৱাৰে ।

    ১৯। হাত টান   ( কৃপণ ) 

     - হাত টান মানুহে কেৱল ধনহে চিনি পাই ।

    ২০। পাবত গজা   ( অস্বাভাৱিক )

     - এনে তুলনীয় মন্তব্য কেৱল পাবত গজা লোকেহে দিব পাৰে ।

    ২১) অকাজভাগী    ( কামৰ অযোগ্য ) 

           অকাজভাগী লোকসকেলে সদাই নিজৰ কামৰ বোজা আনৰ হাতত গোটাই দিবলৈ ভাল পায়।

    ২২) অজীণ পাতকী -   ( কাৰো লগতে মিলিব নোৱাৰা বা দন্দুৰা )

       তাৰ নিছিনা অজীণ পাতকী এজনক কোনো ভাল মানুহে ভাল নাপায়।

    ২৩) অনুষ্টুপীয়া -   ( সামান্যভাবে )

       সিহঁতৰ বিয়াখন বাপেকৰ বেমাৰৰ বাবে অনুষ্টুপীয়াকৈ পাতি থলে ।

    ২৪) অলপ পানীৰ মাছ -   ( সামান্য শক্তি থকা ) 

       অলপ পানীৰ মাছ বুলি আমি কেতিয়াও কাকো অবজ্ঞা কৰা উচিত নহয় ।

    ২৫) অথাই সাগৰ -   ( ডাঙৰ বিপদ )

       এইবাৰ বানপানীয়ে আমাৰ গোতেই খেতিপথাৰ নষ্ট কৰাৰ হেতুকে আমি অথাই সাগৰত পৰিছো ।

    ২৬) অপাৰ সমুদ্ৰ -   ( মহাবিপদ ) 

        এইবাৰ বানপানীয়ে আমাৰ গোতেই খেতিপথাৰ নষ্ট কৰাৰ হেতুকে আমি অপাৰ সমুদ্ৰত পৰিছো ।

    ২৭) আটোম টোকাৰি -   ( পৰিপাটি )

       পুথিভৰালটোত কিতাপবোৰ আটোম টোকাৰিকৈ ৰখা হৈছে ।

    ২৮) আকাশত চাং পতা -   ( অস্বাভাৱিক কল্পনা কৰা )

       আকাশত চাং পতা কথাত বিশ্বাস কৰি কোনো লাভ নাই ।

    ২৯) আঁঠুৱা তলৰ মহ -   ( পৰৰ অধীন / অতি সামান্য )

      তাৰ নিছিনা আঁঠুৱা তলৰ মহ এটাক কোনোৱে বিশ্বাস নকেৰে ।

    ৩০) আলিবাটত চালি ধৰা -   ( কোনো কাম বন নকৰি এনেয়ে ধুন মাৰি ফুৰা )

       তাৰ নিছিনা আলিবাটত চালি ধৰা এজনে কেনেকৈনো ঘৰ চলাৱ পাৰিব ।

    ৩১) আমা-ডিমা -   ( নিচেই সৰু )

       অকালতে গিৰিয়েকৰ মৃত্যু ঘটাত তিৰোতাজনীৰ তিনিটাকৈ আমা-ডিমা ল'ৰা- ছোৱালী লৈ বৰ বিপদত পৰিছে ।

    ৩২) ঊনৈশ-বিশ -   ( কম-বেছি ) 

       আজিকালি বস্তু বাহিনিৰ দাম প্ৰায়েই ঊনৈশ-বিশ হৈ থকা দেখা যায় ।

    ৩৩) এলাই বাদু-    ( কামৰ অযোগ্য / অকাজী )

       এলাই বাদু  মানুহৰ জীৱনত কোনো দিনেই উন্নতি নায় ।

    ৩৪) একাদশত বৃহস্পতি  -   ( সৌভগ্য উপস্থিত হোৱা )

       বহুদিনৰ মুৰত সন্তান এটি জন্ম হোৱত সিহঁতৰ ঘৰত একাদশত বৃহস্পতি আহি পৰিল ।

    ৩৫) খাই পাত ফলা-    ( অশলাগী / উপকাৰ অস্বীকাৰ কৰা )

       তাৰ নিছিনা খাই পাত ফলা এটাৰ লগত সম্বন্ধ গঢ়ি মোৰ কোনো লাভ নাই ।

    ৩৬) চুঙাৰ বাদুলি-    ( অনভিজ্ঞ মানুহ )

       চুঙাৰ বাদুলি মানুহক সকোলোৱে ঠগি খাই ।

    ৩৭) মাটিৰ মানুহ-    ( অতি সহজ-সৰল মানুহ )

       তেওঁৰ দৰে মাটিৰ মানুহ মই আন এজন আজিলৈ দেখা নাই ।


    Also Read : Assamese Grammar এটা শব্দত প্ৰকশ কৰা 


    ৩৮) হাড়ত বন গজা -   ( বহু দিন আগতে মৃত্যু ঘটা )

       মানুহজন এতিয়াও এই পৃথিৱীত নাই ,তেওঁ হাড়তো বন গজিল ।

    ৩৯) কথা চহকী-    ( বৰকৈ কথা কোৱা লোক )

       সি বৰ কথা চহকী মানুহ, তাক মই অলপো ভাল নাপাও ।

    ৪০) সময়ৰ শৰ -  ( সময়মতে কাম কৰা )

      সময়ৰ শৰ সময়ত মাৰিলেহে জিবনত কিবা কৰিব পাৰিবা ।

    ৪১) হৰিণাৰ মাংসই বৈৰী -   ( নিজেই নিজৰ শত্ৰু হোৱা )

       তাইৰ অপৰূপ সৌন্দৰ্য্যই তাইৰ নিজৰ বাবে হৰিণাৰ মাংসই বৈৰী হৈ পৰিল ।

    ৪২) হাতত সাৰে ভৰিত সাৰে -   ( গোপনে / মনে মনে )

       ঘৰৰ মানুহবোৰ শোৱাত চুৰতোৱে হাতত সাৰে ভৰিত সাৰে ঘৰৰ সোনৰ অলংকাৰ সহ বহুতো দামি বস্তু লৈ উধাও হৈ গ'ল।

    ৪৩) শঠা-মিতিৰ -   ( নিজৰ স্বাৰ্থ সিদ্বিৰ বাবে মিছাকৈ পতা বন্ধু বা মিতিৰ )

       সি তাৰ নিজৰ কামৰ বাবে সেই বাটৰুৱা জনক শঠা মিতিৰ পাতিছিল ।

    ৪৪) ৰচকী পখিলী -   ( অতিপাত ধুন-পেছ মাৰি ফুৰা তিৰোতা )

       অমুকৰ ঘৈনীয়েক গৰাকী অতিকৈ ৰচকী পখিলী ধৰণৰ মহিলা ।

    ৪৫) ভিকাচন ভাগ -   ( জীৱিকাৰ পথ নাইকীয়া হোৱা )

       চাকৰিতো হেৰুৱাই তাৰ ভিকাচন ভাগিল ।

    ৪৬) পোহাৰি চুপতি -   ( মূল্যহীন কথা / অৰ্থহীন কথা )

       তাৰ সেই পোহাৰি চুপতি মাৰি ফুৰা স্বভাবতো আৰু কোনোদিনেই ন'গল ।

    ৪৭) দীকছৌ -   ( বহুদুৰ )

       তাৰ মদাহী বাপেকে দিনদ দিনতো দীকছৌ বনত ঘুৰি-ফুৰি ৰাতি দহ বজাহে ঘৰ সোমালেহি ।

    ৪৮) শহাকণীয়া -   ( সতৰ্ক হৈ থকা )

       শহাকণীয়া মানুহবোৰ সহজতে বিপদত পৰা দেখা নাযাই ।

    ৪৯) পানীৰ মিঠৈ -   ( সজা কথা )

       তাৰ কথাত কোনো দিনেই বিস্বাস নকৰিবা, সি পানীৰ মিঠৈ বৰ ভালকৈ সাজিব জানে ।

    ৫০) সাত ঘাটৰ চেঙেলী -   ( বৰ টেঙৰ মানুহ )

             তাৰ নিছিনা সাত ঘাটৰ চেঙেলী মই আৰু আজিলৈ কতো দেখা নাই ।

    ৫১ ) ছলাহ-মলাহ - ( ফাকি-ফুকা দি ফুৰা ) 

             - তাৰ ছলাহ মলাহ কথাত কোনেও বিশ্বাস নকৰে ।

    ৫২ ) ছাল বাকলি নোহোৱা ( সম্বল নথকা )
             - এইবাৰ বানপানীত ৰমেনৰ ছাল বাকলি গোটেই নোহোৱা হ'ল ।

    ৫২ ) আঁঠুৱাৰ তলৰ মহ ( দুৰ্বল শত্ৰু ) 
            - সি এতিয়া এটা আঁঠুৱাৰ তলৰ মহহে মাথোন আন এলো নহয় ।

    ৫৩) অজৌ গছৰ বজৌ গুটি ( অতি দুষ্ট স্বভাবৰ )
             - তাৰ নিছিনা জৌ গছৰ বজৌ গুটি এটাৰ লগত সম্বন্ধ স্থাপন কৰিব নোৱাৰি ।

    ৫৪) কাণে কাণ মাৰি (কোনোমতে / কথমপি )
             - যাদৱৰ পৰীক্ষাৰ ৰিজাল্ট বৰ বেছি ভাল নহয়, সি কাণে কাণ মাৰি পৰিক্ষাত উৰ্ত্তিন হৈ এখন                    বেচৰকাৰী কলেজত নাম ভৰ্তি কৰিছে।

    ৫৫) কপাল ফুল ( সৌভাগ্য উদয় হোৱা )
             - পুতেকে এটা চৰকাৰী চাকৰিত সোমোৱাত মাক-বাপেকৰ কপাল ফুলিল।

    ৫৬) থেৰোগেৰোঁ কৰা ( কোনো এটা কাম কৰো নে নকৰো তেনে অৱস্থাৰ কৰা ) 
            - যিবিলাক মানুহ এলেহুৱা প্ৰকৃতিৰ হয় তেনে লোকে কোনো এটা কাম কৰিবলগীয়া হ’লেই                     থেৰোগেৰোঁ কৰি ফুৰে।

    ৫৭ ) চকু দিয়া (নজৰ ৰখা) 
            - ল'ৰা- ছোৱালী যাতে কু-সংত লগ নালাগে তাৰ প্ৰতি মাক-বাপেক সদাই চকু দিয়া উচিত ।

    ৫৮) কাণ কটা ( দুষ্ট প্ৰকৃতিৰ ) 
            - কাণ কটা স্বভাৱৰ লোক পাছত সকলোৰে নিন্দাৰ পাত্ৰ হয়।

    ৫৯) ঢৌতে খৰ মাৰ (বহুত ব্যস্ততাৰ মাজতেই অলপ সময় উলিয়াই লোৱা )
             - বায়েকৰ বিয়াৰ মাজতেই হৰিয়ে ঢৌতে খৰ মাৰি গুৱাহাটিলৈ ৰাতিপুৱাই এপাক গৈ আহিছিল ।

    ৬০) দুই নাও দুই ভৰি হোৱা ( কি কৰো-নকৰো অৱস্থা হোৱা)
             - ইমান চিন্তাৰ মাজত হৰিয়ে সেই অবান্তৰ কথাতো শুনি তাৰ দুই নাও দুই ভৰি হোৱাৰ দৰে অৱস্থা             হৈছিল ।


    ৬১) লোকান্তৰ ঘটা ( মৃত্যু ঘটা )
             - বহুদিন হৃদৰোগত ভুগি থকাৰ পাছত, অৱশেষত মানুহজনৰ লোকান্তৰ ঘটিল।

    ৬২) চকু গজা ( জনা-বুজা হোৱা / জ্ঞান হোৱা ) 
            -কাৰো কথা নুশুনি কেৱল নিজৰ মতে চলি পাছত যেতিয়া মহা বিপদৰ সন্মুখিন হ'ল তাৰ পিছতহে         ৰমেনৰ চকু গজিল।

    ৬৩ ) জয়-জয় ময়-ময় ( ভাল অৱস্থা )
             - যেতিয়া মানুহৰ জয়-জয় ময়-ময় অৱস্থা হয় তেতিয়া সকলোৱে ওচৰ চাপে ।

    ৬৪) জয় ঢোল কোবোবা ( বৰ বেছিকৈ প্ৰকাশ কৰা ) 
            - সি বি এ পাছ কৰা কথাটো কৈ গোটেই গাওঁ খনতেই জয় ঢোল কোবাব ধৰিছে।

    ৬৫) বুকুৰ কুটুম ( অতি আপোন )
             - ৰহিমৰ বাপেক মোৰ বুকুৰ কুটুম, তেওঁৰ ভাল হোৱাতো মই সদাইয়ে বিছাৰো ।

    ৬৬) গা গধুৰ ( লেধা প্ৰকৃতিৰ )
             - গা গধুৰ হোৱা বাবে তেওঁ কোনো কাম সময়মতে কৰি শেস কৰিব নোৱাৰে ।

    ৬৭) হাত লৰ ( চোৰ স্বভাৱৰ )
             - সৰুৰেই পৰা ল'ৰাটো হাত লৰ স্বভাৱৰ হোৱা বাবে তাক আজিকালি কোনেও ভাল নাপাই ।

    ৬৮) অজীন পাতকী (দুষ্ট প্ৰকৃতিৰ ) 
             অজীন পাতকী লোকে যিকোনো সময়েতে আনৰ বিপদ মাতি আনিব পাৰে ।

    ৬৯) উভৈনদী ( ভৰি থকা, উপচি থকা )
             - ভাগ্য যেতিয়া উদয় হয় তেতিয়া মানুহৰ টকা-পইছা , ধন-ধান আদি সকলো উভৈনদী হৈ পৰে ।

    ৭০) কাণ বাগৰা ( লোকৰ মুখে শুনা )
             - কাণ বাগৰা কথাত আমি কেতিয়াও বিশ্বাস কৰিব নালাগে।

    ৭১) ঘৰ পতা ( বিয়া বাৰু হোৱা )
             - বয়স ভালেখিনি হ'লেই, সোনকালেই ল'ৰাটোৰ ঘৰখন পাতি দিয়া হ'লে ভাল আছিল ।

    ৭২) হাত টান ( কৃপণ )
             - তেওঁৰ ইমানেই হাত টান যে ইমান দিনেই বেমাৰাত পৰি থাকাৰ পাছাতো এবাৰো চহৰলৈ গৈ                    নিজৰ ৰুগিয়া পত্নীক চিকিৎসা নকৰিলে ।

    ৭৩) গাজত লগা (দুখজনক / মৰ্মান্তিক/ হৃদয় বিদাৰক ) 
            - গাজত লগা কথা কিছুমানেই মোৰ অন্তৰত বৰ দুখ দিয়ে।

    ৭৪) ন দি ক ( ডাঠি ক বা জোৰ দি ক )
             - নেদেখা নুশুনা কথা এটাক কোনেও ভাল বুলি ন দি ক'ব নোৱাৰে ।

    ৭৫) পাবত গজা ( অস্বাভাৱিক   )
             - পাবত গজা কথা কিছুমান কৈ কোনো কাৰণতে কোনো নেতাই দেশ তথা জনসাধাৰনৰ মংগল                 সাধন কৰিব নোৱাৰে।

    ৭৬) চকু চৰহা ( আনৰ ভাল দেখিব নোৱাৰা )
             - চকু চৰহা লোকে আনৰ ভাল হোৱাতো কোনো মতেই সহ্য কৰিব নোৱাৰে।

    ৭৭) পেটে ভাতে খা ( কোনোৰকমে খাই বৈ চলি থাক )
             - আজিকালিৰ এই দিনত সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকসকল পেটে ভাতে খাই থকাটোৱেই টান হৈ                পৰিছে।

    ৭৮) বিনা মেঘে বজ্ৰপাত ( অকস্মাৎ বিপদ অহা )
             - বাপেকৰ মৃত্যুৰ খবৰ শুনি ল'ৰাটোৰ এনে হ'ল যে বিনা মেঘে বজ্ৰপাত হে আহিল ।

    ৭৯) আমন-জিমনকৈ ( মনমৰা থকা )
             - বাপেকৰ মৃত্যুৰ বেয়া খবৰটো পাই সি আমন-জিমনকৈ চোতালতেই বহি আছে।

    ৮০) টুপাই বুৰ মাৰ ( আসৈ মাত/ মিছা মাত  )
             - অকৃতজ্ঞ লোকক আমি যিমানেই সহায় নকৰো কিয় সেইবোৰে সদাই সহায় পোৱা নাই বুলি                    টুপাই বুৰ মাৰে।

    ৮১) খাই পাত ফলা ( অশলাগী/ উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা )
             - খাই পাত ফলা লোকক বিপদৰ সময়ত উপকাৰ কৰি একো লাভ নাই।

    ৮২) উনৈশত বা বলা ( বিলাস আৰু আনন্দত ঘূৰি ফুৰা )
             - পাই তাকম বয়সতেই তাৰ উনৈশত বা বলিছে।

    ৮৩) উভত গোৰে নচা ( নষ্ট কৰা / অত্যাচাৰ কৰা )
             - টকা উভয় থাকিলেই বুলি মানুহে লাগ বান্ধ নোহোৱাকৈ উভত গোৰে নাচিব নালাগে।

    ৮৪) এলাই বাদু ( একো কামৰে যোগ্য নোহোৱা )
            - তাৰ দৰে এলাই বাদু এটাক মই কামত ৰাখিব নোৱাৰো ।

    ৮৫) উলহ মালহ (আনন্দ উৎসৱ হোৱা ) 
            - বহু দিনৰ মূৰত ল’ৰাটো বিদেশৰ পৰা নিজৰ গাওঁৰ ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক উলহ মালহ             পৰিৱেশে বিৰাজ কৰিছে।

    ৮৬) আকাশ কুসুম ( মনৰ মিছা কল্পনা-ভাৱনা ) 
            - ৰমেনে তাক বাৰকৈ বুজাইছিল যে আকাশ কুসুম হৈ কম-বন নকৰি ঘুৰি ফুৰিলে জীৱনত কোনো            কাম নাই ।

    ৮৭) কুন্দত কটা ( বৰ ধুনীয়া, নিপোটল ) 
            - ছোৱালীজনী ইমানেই কুন্দত কটা যে প্ৰথম দেখাতেই তাৰ ভাল লাগি গ'ল ।

    ৮৮) জাকত জিলিকা ( বিখ্যাত )
             - মদাৰ টেৰেচা সমগ্ৰ পৃথীৱীতেই এগৰাকী জাকত জিলিকা ব্যক্তি আছিল ।

    ৮৯) বগলী ভকত ( মিছলীয়া সাধু / মিছা সাধুতা ) 
            - বৰ্তমান সময়ত বগলী ভকতৰ কোনো কম নাই ।

    ৯০) এৰা-ধৰা ( আপোচমূলক )
             - জীৱনত এৰা-ধৰাকৈ চলিলে মানুহে বহু দাঙৰ বিপদৰ পৰা হাত সাৰি থাকিব পাৰি ।

    ৯১) পোটক তোল ( প্ৰতিশোধ লোৱা )
             - বিনা কাৰণত আমি কাৰো কেতিয়াও পোটক তোলা উচিত নহয়।

    ৯২) পেপুৱা লাগ ( বিবুদ্ধি হোৱা / ভয় পোৱা )
             - এনেয়ে সি বৰ দাঙৰ কথা কয় , কিন্তু , বাঘটো দেখি ভয়ত তাৰ পেপুৱা লাগিল।

    ৯৩) বাপতি-সাহোন ( পৈত্ৰিক সম্পত্তি )
             - এই সকলো বোৰ মোৰ বাপতি সাহোন।

    ৯৪) হাতত সাৰে ভৰিত সাৰে ( কোনো সাৰ-সুৰ নোহোৱাকৈ ) 
            - গিৰিহতে শুই থাকোঁতেই চোৰটোৱে তাৰ কাষৰেই হাতত সাৰে ভৰিত সাৰে গৈ আলমাৰিৰ সকলো            মূল্যবান বস্তুকেইপদ লৈ উধাও হৈ গ’ল।

    ৯৫) ডলাৰ বগৰী (সঘনাই স্থান পৰিবৰ্তন কৰা ) 
            - ৰমেনে তাক বাৰকৈ বুজাইছিল যে ডলাৰ বগৰী হৈ কম-বন নকৰি ঘুৰি ফুৰিলে জীৱনত কোনো             কাম নাই ।

    ৯৬) গাই বাই চা ( কাকূতি-মিনতি কৰ )
             - চাকৰি পোৱাৰ আশাত সি সকলো প্ৰকাৰে গাই বাই চালে যদিও কোনো লাভ নহ'ল ।

    ৯৭) আশা ভৰসা ( আশ্ৰয় )
             - বিপদৰ সময়ত ঈশ্বৰেই আমাৰ একমাত্ৰ আশা-ভৰসা।

    ৯৮) মন বান্ধ খা ( মন দমা / মন কাবু কৰ ) 
            - মন বান্ধ খালেহে যিকোনো কামতেই সফলতাৰ মুখ দেখিবলৈ পাবি ।

    ৯৯) জধা মূৰ্খ ( মহা মূৰ্খ )
             - ৰমেনৰ ল'ৰাটো এটা জধা মূৰ্খ ।

    ১০০) উৰহীৰ ওৰ ( আচল কথা / প্ৰকৃত কথা )
             - ইমান দিনেই একো ধৰিবই নোৱাৰিলো উৰহীৰ ওৰ ওলাই পৰাতহে ঘটনাটো সকলোৱে বুজি                    পালো ।

    ১০১) জয়দেউ কাকূতি ( অতি অনুনয়-বিনয় কৰা )
             - মানুহজনক বহু জয়দেউ কাকূতি কৰিহে কামতো আগুৱাই নিৱলৈ সক্ষম হ'বলৈ পাৰিলো ।

    ১০২) ৰমক-জমক ( জিলমিলাই থকা )
             - সৰু ল’ৰা-ছোৱালীবিলাকে ৰমক জমক সাজ- পোছাক বেছি ভাল পাই ।

    ১০৩) তলা-নলা ( আঁতি গুৰি )
             - তলা-নলা নজনাকৈ কোনো কথাতে নিজৰ মন্তব্য দিব নালাগে।

    ১০৪) এৰা ধৰা (ভালকৈ মনপুতি নলগা ) 
            - এৰা ধৰা মনোভাৱৰে কাম কৰিলে কোনো কামতেই সফল হ’ব ১০৪) নোৱাৰি ।

    ১০৫) ভিৰাই লৰ মাৰ ( পলোৱা )
             - পুলিচৰ কথা কওঁতেই সি ভিৰাই লৰ মাৰিলে ।

    ১০৬) চিকা চন্দা ( ভাল বেয়াৰ বিচাৰ কৰা )
             - চিকা চন্দাকৈ থাকিলে সমস্যাটো কনো দিনেই সমধা নহ'ব ।

    ১০৭) চাউল উঠ ( জীৱিকা বন্ধ হোৱা )
             - কৰুনা বেমাৰৰ সময়ত বহুতৰেই চাউল উঠিছিল ।

    ১০৮) নলে-গলে লগা ( পৰম বন্ধু ) 
            - মন আৰু অমন দুয়ো একেবাৰে নলে-গলে লগা।

    ১০৯) নলগা জেঙাত লাগ ( অযথা মূৰপাতি লোৱা )
            - তাৰ আৰু বেলেগ কাম নাছিল নলগা জেঙাত লাগি এতিয়া নিজেই জেলেলৈ গ'ল।

    ১১০) নগুৰ-নাগতি ( কষ্ট পোৱা )
             - ল'ৰাটোৰ মৃত্যু ঘটাত মাকজনীৰ বৰ নগুৰ-নাগতি হৈছে ।

    ১১১) নপতা ফুকন ( নিজে নিজে ডাঙৰ হোৱা )
            - তাক কোনেও কেৰেপেই নকৰে কিন্তু সি এই সভাত নপতা ফুকনক হৈ আহিছে ।

    ১১২) ডাল দৰিদ্ৰ ( অতি দুখীয়া )
             - ডাল দৰিদ্ৰৰ মানুহৰ কতো সুখ-শান্তি নাই।

    ১১৩) ঠেৰু ছিগা ( নিৰাশ্ৰয় )
             - ল'ৰাটোৰ মৃত্যু ঘটাত মাকজনীৰ ঠেৰু ছিগা অৱস্থা হৈছে ।

    ১১৪) ধোদৰ পচলা ( এলেহুৱা/ অকামিলা )
             - ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত কোনেও সুখ লাভ কৰিব নোৱাৰে ।

    ১১৫) পেটে ভাতে খা ( কোনোৰকমে খাই-বৈ চলি থাক) 
            - বস্তু-বাহিনিৰ দাম যিহেই বৃদ্ধি পাইছে দৰিদ্ৰ লোক সকলৰ বাবে পেটে ভাতে খাই জীয়াই থকাই                  টান হৈ পৰিছে।

    ১১৬) নাকত তেল দি শোৱা ( কোনো চিন্তা-ভাবনা নকৰাকৈ থকা )
             - তাৰ কোনো অলপো চিন্তা ভাৱনা নায়েই , কেৱল নাকত তেল দি শুই থাকিলেই হ'ল।

    ১১৭) মুখ লাগ ( চকু লগা / অমংগল হোৱা ) 
            -মানুহৰ মুখ লগা কাৰণেই সুন্দৰ ভিম-কল থোক ক'লা পৰি নষ্ট হৈ হ’ল।

    ১১৮) তিলকে তাল কৰ ( অলপকে বেছি কৰ / বঢ়াই ক )
             - তাৰ কথাত আৰু কি বিশ্বাস কৰিম, সি তিলকে তাল কৰা মানুহ ।


    FAQ - 


    Q- নপতা ফুকন

    Ans -  ( নিজে নিজে ডাঙৰ হোৱা )
            উদাহৰণ - তাক কোনেও কেৰেপেই নকৰে কিন্তু সি এই সভাত নপতা ফুকনক হৈ আহিছে ।

    Q - গাই বাই চা

    Ans -  গাই বাই চা ( কাকূতি-মিনতি কৰ )
            উদাহৰণ - চাকৰি পোৱাৰ আশাত সি সকলো প্ৰকাৰে গাই বাই চালে যদিও কোনো লাভ নহ'ল ।

    Q- জতুৱা ঠাঁচ বাক্য ৰচনা hslc

    Ans- ওপৰুক্ত সকলো খণ্ডবাক্য আৰু জতুৱা ঠাঁচ hslc ৰ বাবে অতি প্ৰয়োজনিয় ।

    Q- জতুৱা ঠাঁচ বাক্য ৰচনা class 9

    Ans-  ওপৰুক্ত সকলো খণ্ডবাক্য আৰু জতুৱা ঠাঁচ class 9 ৰ বাবে অতি প্ৰয়োজনিয় ।

    Q- জতুৱা ঠাঁচ বাক্য ৰচনা class 7

    Ans - ওপৰুক্ত সকলো খণ্ডবাক্য আৰু জতুৱা ঠাঁচ class 7 ৰ বাবে অতি প্ৰয়োজনিয় ।

    Q- জতুৱা ঠাঁচ বাক্য ৰচনা class 10

    Ans-  ওপৰুক্ত সকলো খণ্ডবাক্য আৰু জতুৱা ঠাঁচ class 10 ৰ বাবে অতি প্ৰয়োজনিয় ।



    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.