অসমীয়া ব্যাকৰণৰ | Assamese Grammar | Eta shabdat prakash kara

তলৰ লিখনিত তিনিশতাধিক অসমীয়া ব্যাকৰণৰ (Assamese Grammar) এটা শব্দত প্ৰকশ কৰা অৰ্থ প্ৰকশ কৰা হল । এই এটা শব্দত প্ৰকশ কৰা যাক ইংৰাজীত one word substitute ( এটা শব্দত প্ৰকশ কৰা ) বুলি কোৱা হয় সেই সম্পৰ্কে আলোচন্ন কৰা হ'ল। There are some most important and most common one word substitute in Assamese grammar are given below. These one word substitute are most useful in Assamese grammar . So, read this and gain some valuable content from this post. গতিকে, আজিৰ আলোচনাৰ এই এটা শব্দত প্ৰকশ কৰা শব্দ আৰু তাৰ অৰ্থ বোৰ বৰ গুৰুত্বপুৰ্ণ য'ত তিনিশটা বা তাতোধিক এটা শব্দত প্ৰকশ কৰা অৰ্থ প্ৰকশ কৰা শব্দ-অৰ্থ প্ৰকশ কৰা হ'ল -

                                       Assamese Grammar

অসমীয়া ব্যাকৰণৰ | Assamese Grammar | Eta shabdat prakash kara

সুতথ্য এক দিজিটেল যাত্ৰা , এই ব্লাগটিত অসমীয়া ভাষাত বিভন্ন ধৰণৰ তথ্য আৰু বিভন্ন টেকনিকেল বিষয় সম্বন্ধে লিখা হয়। অসমীয়া ব্যাকৰণ তথা ৰচনা আদি ইয়াত উপলব্ধ।  আজিৰ এই লিখনিৰ দ্বাৰা অসমীয়া ব্যাকৰণৰ কিছু আলোচনা কৰা হব । আজিৰ এই লিখনিত অসমীয়া ভাষাৰ এটা শব্দত প্ৰকাশ কৰা ( Eta shabdat prakash kara ) কিছুমান আলোচনা কৰা হ'ল । এই এটা শব্দত প্ৰকাশ কৰা বোৰ বিভিন্ন প্ৰতিযোগিতামুলক পৰিক্ষাৰ বাবেও দৰকাৰি ।


 এটা শব্দত প্ৰকাশ কৰা - Eta shabdat prakash kara ( One word substitute in Assamese )


 ১। মাটিৰ বাচন গঢ়োতা   ---   কুমাৰ 

২। লোহাৰ বাচন গঢ়োতা  ---   কমাৰ

৩। কাঁহৰ বাচন গঢ়োতা  ---  কঁহাৰ 

৪ । মাটিৰে নিৰ্মিত বস্তু  ---  মৃন্ময়  

৫। পনীয়া গাখীৰ দিয়া গাই  ---  জলাহী 

৬। কাৰো নাম নধৰাকৈ পৰা গালি ---   গুৱালগালি  

৭। যি আগেয়ে হোৱা নাই  ---   অভুতপূৰ্ব 

৮। যাৰ দুই হাত সমানে চলে  ---   সব্যসাচি

৯। যাক সহজে পোৱা যায়   ---   সুলভ

১০। যাক সহজে পোৱা নাযায়  ---   দুৰ্লভ

১১। এবাৰ গুটি লাগি মৰা গছ   --- ঔষধি

১২। বহুত কলগছ থকা ঠাই   ---- কলনি

১৩। গৰু বন্ধা ঘৰ  ---  গোহালি

১৪। ধান থোৱা ঘৰ  ---  ভঁৰাল

১৫। পি খোৱা বস্তু   ---  পেয়

১৬। চোবাই খোৱা বস্তু  ---  চব্য

১৭। চেলেকি খোৱা বস্তু ---  লেহ্য

১৮।  কঁঠালৰ সৰু সৰু কলি  ---  মুচি

১৯। যি জনে ভৱিষৎ  চিন্তা কৰিব পাৰে---  দুৰদৰ্শী

২০। যি ব্যক্তি বিদেশত থাকে  ----  প্ৰবাসী

২১। খাবলৈ অনা কলপুলি  -----  পচলা

২২। একে মাকৰ সন্তান  -----  সহোদৰ

২৩। একে গুৰুৰ শিষ্য  -----  সতীৰ্থ

২৪। যিয়ে উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে  -----  কৃতজ্ঞ

২৫। যিয়ে উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে  -----  অকৃতজ্ঞ

২৬। যিয়ে ধৰ্মক বিশ্বাস কৰে  ----- আস্তিক

২৭। যিয়ে ধৰ্মক বিশ্বাস নকৰে  -----  নাস্তিক

২৮। যাৰ পুৰ্বজন্মৰ কথা মনত আছে  ------  জাতিস্মৰ

২৯। যি ইন্দ্ৰিয়ক জয় কৰিছে  -----  জিতেন্দ্ৰীয়

৩০। যি শক্তিক পুজা কৰে  -----  শাক্ত

৩১। যি শিৱক পুজা কৰে  -----  শৈৱ 

৩২। যি বিষ্ণুক পুজা কৰে  -----  বৈষ্ণৱ

৩৩। যি নিজৰ দেশক ভাল পায়  -----  দেশপ্ৰেমিক

৩৪। যিজনে দেশৰ হকে আত্ম বলিদান দিছে  -----  শ্বহীদ

৩৫। নিজৰ ওপৰত যি নিৰ্ভৰ কৰে  -----  আত্মনিৰ্ভশীল 

৩৬। সখীৰ মাক  -----  আমৈ

৩৭। সখীৰ দেউতাক  -----  তাৱৈ

৩৮। বিহুৰ আগ্দিনা  -----  উৰুকা

৩৯।  দুই মাহৰ সন্ধি  -----  দোমাহী

৪০। যি সকলো জানে  -----  সৰ্বজ্ঞ

৪১। বোকাত জন্ম যাৰ  -----  পঙ্কজ

৪২। কণীৰ পৰা জন্ম যাৰ  -----  অণ্ডজ

৪৩। যাৰ মাক-দেউতাক নাই  -----  মাউৰা

৪৪। যাৰ পিতৃ পৰিচয় নাই  -----  জাৰজ

৪৫। যাৰ মাক নাই  -----  বৈমাত্ৰিক

৪৬। যাৰ পূৰ্বজন্মৰ কথা মনত আছে  -----  জাতিস্মৰ

৪৭। অনাই-বনাই ঘুৰি ফুৰা লোক  -----  যাযাবৰ / অঘৰী

৪৮। একে সময়তে হোৱা  -----  সমসাময়িক

৪৯। দৰমহা নোলোৱাকৈ কাম কৰা মানুহ  -----  অবৈতনিক

৫০। হঠাতে হোৱা ঘটনা  ----- আকষ্মিক

৫১। পদুমৰ দৰে চকু যাৰ -----  পদ্মলোচন

৫২। যি শত্ৰুক বধ কৰে  -----  শত্ৰুঘ্ন

৫৩। অতি শীতো নহয় আৰু অতি উষ্ণও (গৰম) নহয়  -----  নাতিশীতোষ্ণ

৫৪। যি গৰু-ম'হৰ গাড়ী চলায়  -----  গাড়োৱান

৫৫। যি জলত চৰে  -----  জলচৰ

৫৬। নিজৰ ৰূপ-যৌৱন লৈ গৌৰব কৰা তিৰোতা  -----  মানিনী

৫৭। ভিক্ষাৰ অভাব  -----  দুৰ্ভিক্ষ

৫৮। ধান ৰোৱা তিৰোতা  -----  ৰোৱনী

৫৯। ধান দোৱা তিৰোতা  -----  দাৱনী

৬০। ভৰিৰ পৰা মূৰলৈকে  ----  আপদমস্তক

৬১। ফুল নুফুলাকৈ গুটি হোৱা গছ  -----  বনস্পতি

৬২। যি আগেয়ে হোৱা নাই  -----  অভূতপূৰ্ব

৬৩। মাৰিবলৈ বা হনন কৰিবলৈ কৰা ইচ্ছা  ----  জিঘাংসা

৬৪। যি মৰো মৰো অৱস্থাত আছে  -----  মুমুৰ্ষ

৬৫। কুলাৰ দৰে নখ যাৰ  -----  শূৰ্পনখা

৬৬। যাৰ কোনো শত্ৰু নাই  -----  অজাতশত্ৰু

৬৭। আনৰ ভাল দেখিব নোৱাৰা লোক  -----  পৰশ্ৰীকাতৰ

৬৮) শৰৎ কালত হোৱা অনুষ্ঠান ------ শাৰদীয়

৬৯) কাৰো নাম নধৰাকৈ পৰা গালি ----গুৱাল গালি

৭০) ৰান্ধি খাবলৈ অনা কলৰ সৰু পুলি ------ পচলা

৭১) যাৰ পুৰ্বজন্মৰ কথা মনত আছে --------- জাতিষ্মৰ

৭২) যাৰ কোনো শত্ৰু নাই ------------- অজাতশত্ৰু

৭২) মাৰিবলৈ কৰা ইচ্ছা ---------- জিঘাংসা

৭৩) কথা কোৱাৰ ইচ্ছা ----------- বিবক্ষা

৭৪) বোকাত জন্ম যাৰ ------------ পংকজ

৭৫) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে ------ কৃতজ্ঞ

৭৬) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে ------অকৃতজ্ঞ

৭৭) একে মাকৰ সন্তান ----------- সহোদৰ

৭৯) যাক দেখা নাযায় --------- অদৃশ্য

৮০) যাৰ কোনো অন্ত নাই ------- অনন্ত

৮১) একে গুৰুৰ শিষ্য -------- সতীৰ্থ

৮২) যি ঘটনা আগেয়ে ঘটা নাই ------ অভুতপুৰ্ব

৮৩) যি জলত চৰে ------- জলচৰ

৮৪) যি স্থলত চৰে -------- স্থলচৰ

৮৪) যি মাটি আৰু পানী উভয়তে চৰে ------ উভচৰ

৮৫) ব্যাকৰণত  যি পাৰ্গত ------------ বৈয়াকৰণিক

৮৬) যি ইন্দ্ৰিয় ক জয় কৰে ------ জিতেন্দ্ৰিয়

৮৭) যি শত্ৰুক বধ কৰে --------- শত্ৰুঘ্ন

৮৮) একে সময়তে হোৱা -------- সমসাময়িক

৮৯) দুই মাহৰ মাজৰ দিন ------- দোমাহী / সংক্ৰান্তি

৯০) যি কাৰো লগত মিলিব নোৱৰে ------- অজীন পাতকী

৯১) বৰকৈ কথা কোৱা লোক ------- কথাচহকী

৯২) নাৱত উঠি ব্যৱসায় কৰা লোক ------- মুদৈ

৯৩) যি অলপতে শুনে --------- শহাকণীয়া

৯৪) এবাৰ ফল দি মৰা গছ ------- ঔষধি

৯৫) ভিক্ষাৰ অভাৱ ---------- দুৰ্ভিক্ষ

৯৬) শাৰিৰিক ভাৱে অক্ষম যি ------- প্ৰতিবন্ধী

৯৭) যি নিয়ম মতে খৰচ কৰে ------- মিতব্যয়ী

৯৮) যি কৰ্তব্য স্থিৰ কৰিব নোৱৰে ------- কিংকৰ্তব্যবিমুৰ

৯৯) ঘৰতে থাকি বা ঘৰৰ পৰাই কৰিব পৰা উদ্যোগ ------- কুটিৰ শিল্প

১০০) যি গৰু ম'হৰ গাড়ী চলায় ------ গাড়োৱান

১০১) যি বক্তিতা দিয়াত নিপুন -------- বাগ্মী

১০২) মাটি ফুটি ওলায় যি-------------উদ্ভিদ

১০৩) নিবাৰণ কৰিব নোৱাৰি যাক--------------- অনিবাৰ্য

১০৪) আনৰ অধীন নহয় যি----------স্বাধীন

১০৫) যি আনৰ অধীন---------- পৰাধীন

১০৬) শৰৎ কালত যি অনুষ্ঠান হয় ------------ শাৰদীয়

১০৭) বোকাত জন্মে যি--------------পংকজ

১০৮) পৰিণাম চিন্তা কৰি কাম কৰে লোক ------ পৰিণামদৰ্শী

১০৯) যিটো কথা কোৱা উচিত নহয়-----------অনুচিত

১১০) যাক কেতিয়াও পূৰাব নোৱাৰি-----------অপূৰণীয়

১১১) যোলৈকে যোৱা টান-------------দুৰ্গম

১১২) যোলৈকে যোৱা সহজ --------- সুগম

১১৩) যাৰ সকলো বস্তু সৰহকৈ আছে-----------উভৈনদী বা আটন্তিয়াৰ

১১৪) যি মাটিৰ উতপাদন শক্তি নাই------------- অনুৰ্বৰ

১১৫) যি মাটিৰ উতপাদন শক্তি আছে------------- উৰ্বৰ

১১৬) যি পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ-------------পুৰুষোত্তম

১১৭) বিপদৰ সময়ত ওলোৱা বুদ্ধি-------------প্ৰত্যুৎপন্নমতি

১১৮) যি ঘটনা হঠাতে ঘটে------------আকস্মিক

১১৯) পথৰ পৰা যি বিচলিত হৈছে-------------পথভ্ৰষ্ট

১২০) যিজন ব্যক্তি ব্যকৰণত পাৰ্গত--------------ব্যাকৰণিক

১২১) আগেয়ে নুশুনা কথা------------অশ্ৰুতপূৰ্ব

১২২) যিয়ে ৰিপুক জয় কৰে-------------ৰিপুঞ্জয়

১২৩) যি জনে মাছ মাংস নাখায়-----------নিৰামিষাহাৰী

১২৪) যি জনে মাছ মাংস খায়---------আমিষ

১২৫) ভিক্ষা কৰে যি-----------ভিক্ষাৰী

১২৬) দান কৰে যি ---------দানী

১২৭) যি জনে আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে------------ডকাইত

১২৮) যি কথা জনা নাযায়-------------অজ্ঞাত

১২৯) যিয়ে নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে-----------------কিংকৰ্তব্যবিমূঢ়

১৩০) যি গৰাকী মাতৃৰ এটি মাত্ৰ সন্তান------------কাকবন্ধ্যা

১৩১) যাৰ কথাৰ লাগ বান্ধ নাই------------চেলেপু

১৩২) আনৰ মুখলৈ চাই জিয়াই থকা লোক------------পৰমুখাপেক্ষী

১৩৩) যাৰ কোনো বিবেচনা শক্তি নাই-------------অবিবেচক

১৩৪) সহজে যি জীণ যোৱা------------লঘুপাকী

১৩৫) যাৰ কোনো কুল ,শীল আদি জনা নাযায়------------অজ্ঞাতকুলশীল

১৩৬) সকলোকে সমানভাৱে দেখা বা ভাবা লোক-----------সমদৰ্শী

১৩৭) পিছে পিছে গমন কৰে যি-----------অনুগামী

১৩৮) আগে আগে গমন কৰে যি------------অগ্ৰগামী

১৩৯) যিজনে কমকৈ কথা কয়------------মিতভ্যাষী বা অল্পভাষী

১৪০) যিযনে দিনটোত মাত্ৰ এবাৰ আহাৰ কৰে---------একাহাৰী

১৪১) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা মহিলা-----------পোহাৰী

১৪২) আগেয়ে নোহোৱা বস্তু এটা সৃষ্টি কৰা----------উদ্ভাৱন

১৪৩) মাটিৰে তৈয়াৰী শিল্প----------মৃৎশিল্প

১৪৪) কাৰো নাম নধৰাকৈ পৰা গালি----------গুৱালগালি

১৪৫) যি আনৰ অধীন --------পৰাধীন

১৪৬) যি আনৰ অধীন নহয় -------স্বাধীন

১৪৭) ঘোঁৰা বন্ধা ঘৰ------------অস্তাবল

১৪৮) যিযনে পথৰ পৰা বিচলিত হৈছে-----------পথভ্ৰষ্ট

১৪৯) যি কথাৰ অৰ্থ নাই --------- অৰ্থহীন বা নিৰৰ্থক

১৫০) যাক কল্পনা কৰিব নোৱাৰি-----------কল্পনাতীত

১৫১) যাৰ কোনো অন্ত নাইগ ----------অনন্ত

১৫২) যাৰ কোনো সীমা নাই----------অসীম

১৫৩) যাৰ সীমা আছে----------সসীম

১৫৪) যাৰ কোনো আদি নাই----------অনাদি

১৫৫) যাক বৰ্ণনা কৰিব পাৰি --------- বৰ্ণনীয়

১৫৬) যাক বৰ্ণনা কৰিব নোৱাৰি---------অবৰ্ণনীয়

১৫৭) যাক কোনোমতে লংঘন কৰিব নোৱাৰি----------অলংঘ্য

১৫৮) যাক কোনোমতে বাৰণ কৰিব নোৱাৰি ----------- অনিবাৰ্য

১৫৯) যাক কোনোমতে লংঘন কৰিব নোৱাৰি------------অলংঘ্য

১৬০) যাক দেখা যায় -----------দৃশ্যমান

১৬১) যাক দেখা পোৱা নাযায় --------- অদৃশ্য

১৬২) যাৰ নাম নাই ---------- অনামিকা

১৬৩) যাক কোনোমতে পৰিহাৰ কৰিব নোৱাৰি-----------অপৰিহাৰ্য

১৬৪) যিজনৰ ধাৰ আছে ---------- ধাৰুৱা

১৬৫) যিয়ে গাঁৱত থাকে ------------- গাঁৱলীয়া

১৬৬) যি লোক বিদেশত থাকে ----------- প্ৰবাসী

১৬৭) বিদেশৰপৰা অহা মানুহ ------------ বিদেশী

১৬৮) যি যনে ভয় নকৰে --------- নিৰ্ভীক

১৬৯) যি জনে দিনত নেদেখে ---------- দিনকণা

১৭০) যি জনে ৰাতি নেদেখে ----------- কুকুৰীকণা

১৭১) পৰা অন্ধ যি লোক------------ জন্মান্ধ

১৭২) যি জনে এটা চকুৰে নেদেখে -------- কণা

১৭৩) যি জনে দুয়োটা চকুৰে নেদেখে ------- অন্ধ

১৭৪) যি জনে কথা কব নোৱাৰে ------ মুক বা বোবা

১৭৫) যি জনে শুনাও নাপায় আৰু কথাও ক'ব নোৱাৰে --------- মুকবধিৰ

১৭৬) যি জন শাৰীৰিকভাৱে অক্ষম---------- প্ৰতিবন্ধ

১৭৭) নাম গোৱা তিৰোতা ------------ নামতী

১৭৮) দুটা ঘৰৰ মাজৰ ঠাই ----------- দোঘোৰা

১৭৯) ঘৰৰ চালৰ পৰা পানী পৰা ঠাই ------------ পানী পচা

১৮০) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই ---------- দুৰচী বা দোৰাহী

১৮১) যি গৰুৰ শিং নায় -------- লাওমূৰা

১৮২) হাল বোৱা গৰু --------- বলধ

১৮৩) ঠেং নথকা ভেকুলীৰ পোৱালি --------- লালুকী

১৮৪) স্মৰণ কৰিবলগীয়া যি --------- স্মৰণীয়

১৮৫) যি জনৰ বিয়া হোৱা নাই -------- অবিবাহিত / আবিয়ৈ

১৮৬) যি জনৰ বিয়া হৈছে ------- বিবাহিত

১৮৭) জন্তুৰ নিচিনা যি --------- জান্তব

১৮৮) যি পানী গৰমো নহয় ঠাণ্ডাও নহয় -------- কুহুমীয়া

১৮৯) যি ফল- মূল পকাও নহয় কেঁচাও নহয় -------- ডহেচীয়া

১৯০) মাকৰ ভনীয়েক --------- মাহী

১৯১) দেউতাকৰ ভনীয়েক------------ পেহী

১৯২) ককাৰ দেউতাক ---------- আজোককা

১৯৩) দাঁত ওলোৱা হাতী ---------- দঁতাল

১৯৪) মাছ মৰা লোক ---------- মাছুৱৈ/মাছমৰীয়া

১৯৫) চিকিৎসা কৰা ব্যক্তি ---------- চিকিৎসক

১৯৬) গান গোৱা লোক----------- গায়ক

১৯৭) খেলা ধুলা কৰা লোক ---------- খেলুৱৈ

১৯৮) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক ------- স্বৰ্ণকাৰ বা সোণাৰী

১৯৯) গাঁৱৰ মুখিয়াল --------- গাঁওবুঢ়া

২০১) বৰষুণ নোহোৱা বতৰ -------- খৰাং

২০২) ৰাতিপুৱাই স্মৰণ কৰাৰ --------- প্ৰাতঃস্মৰণীয়

২০৩) যি জনে সকলো জানে --------- সৰ্বজ্ঞ বা সৰ্বজান

২০৪) যি জনে একো নাজানে -------- অজ্ঞ

২০৫) যাৰ হাত আঁঠুলৈ আহে----------- অজানুলম্বিত

২০৬) যিটো এই লোকৰ নহয় --------- অলৌকিক

২০৭) দেৱতাৰ গুণ সমৃদ্ধ হৈ থকা --------- দৈৱীয়

২০৮) 'দত শুকোৱা সৰিয়হৰ শুকান বঁটা --------- কাঁহুদি

২০৯) কোনো মানুহ নাই য'----------- নিৰ্জন

২১০) যি জনে দেশক ভাল পায় ---------- দেশভক্ত

২১১) যি জনে দেশৰ অপকাৰ কৰে ---------- দেশদ্ৰোহী

২১২) যি জন লোক দেশৰ হকে মৃত্যুবৰণ কৰে --------- শ্বহীদ

২১৩) গৰু চৰোৱা লোক ----------- গৰখীয়া

২১৪) হাতী চৰোৱা লোক --------- মাউত

২১৫) যি আগতে হোৱা নাই বা ঘটা নাই ---------- অভূতপূৰ্ব

২১৬) যি আগতে হৈছে বা ঘটিছে --------- ভূতপূৰ্ব

২১৭) যিয়ে কেবল নিজৰ কথা ভাৱে বা চিন্তা কৰে ------- স্বাৰ্থপৰ

২১৮) যিয়ে আনৰ হিতৰ কথা ভাৱে --------- পৰহিতৈষী

২১৯) যি জন লোক সকলোৰে মাজত প্ৰিয় ------- লোকপ্ৰিয়

২২০) যাক সকলোৱে জানে --------- বিখ্যাত

২২১) যাক বেয়া কামৰ বাবে জনা যায় ----- কুখ্যাত

২২২) যাক কোনেও নাজানে ----------- অখ্যাত; অজ্ঞাত

২২৩) কব নলগীয়া কথা -------- অকথ্য বা অবাচ্য

২২৪) যাক শুনিব নোৱাৰি --------- অশ্ৰাব্য

২২৫) জ্ঞান আছে যাৰ --------- জ্ঞানী

২২৬) ধন আছে যাৰ ----------- ধনী

২২৭) মান আছে যাৰ ---------- মানী

২২৮) ঋণ আছে যাৰ ------------ ঋণী

২২৯) ঘৰ বাৰী নাই যাৰ ----------- অঘৰী

২৩০) একো নাই যাৰ --------- নিঃস্ব

২৩১) যি বহুত কথা কয় ----------- বহুবল্কী

২৩২) যি কথা কোৱাত পাৰ্গত -------- কথাচহকী

২৩৩) কথা সজাই ক'ব পৰা লোক ------------ কথাচহকী

২৩৪) যাৰ মৰণ নাই ---------- অমৰ

২৩৫) যাৰ মৰণ আছে ------- মৰণশীল

২৩৬ভয় আছে যাৰ ----------- ভয়াতুৰ

২৩৭) বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালী --------- ছাত্ৰছাত্ৰী

২৩৮)শাক পাচলি কৰা যি ঠাই----------- শাকনি

২৩৯) ধান খেতি কৰা যি ঠাই -------- ধাননি

২৪০) গণনা কৰিব নোৱাৰি যক -------- অগণন

২৪১) কথাৰে প্ৰকাশ কৰিব নোৱাৰি যাক ---------- অনিৰ্বচনীয়

২৪২) যিটো কথা বিশ্বাস কৰিব নোৱাৰি -------- অবিশ্বাস্য

২৪৩) যিটো কাম কৰা উচিত ---------- কৰ্তব্য

২৪৪) যিটো পুৰি নাযায় ---------- অদাহ্য

২৪৫) যি অণে বিদ্যালাভ কৰিছে ----------- কৃতবিদ্য

২৪৬) দিব পৰা নাযায় যাক ---------- অদেয়

২৪৭) বধ কৰিব পৰা নাযায় যাক --------- অবধ্য

২৪৮) যিতো বৰ বেছি দীঘল নহয় ----------- নাতিদীৰ্ঘ

২৪৯) নিমিষতে ভঙ্গ কৰিব পাৰি যাক ----------- ক্ষণভঙ্গুৰ

২৫০) ধৰ্মত মতি আছে যাৰ ----------- ধৰ্মপৰায়ণ

২৫১) যি আন ফালে মন দিয়ে -------- অন্যমনস্ক

২৫২) গুণীৰ গুণ বুজে যি --------- গুণগ্ৰাহী

২৫৩) বাটে বাটে যোৱা মানুহ --------- বাটৰুৱা

২৫৪) ধৰ্মলৈ ভয় আছে যাৰ ------- ধৰ্মভীৰু

২৫৫) যাৰ কোনো মূল্য নায় -------- অমূল্য

২৫৬) কাপোৰ বব জনা মহিলা --------- শিপীনী

২৫৭) কাম কাজত পাকৈত যি --------- কাজী

২৫৮) একে সময়তে হোৱা ---------- সমসাময়িক

২৫৯) ভৱিষ্যত চিন্তা কৰিব পৰা লোক -------- দূৰদৰ্শী

২৬০) যি প্ৰাণী বুকুৰে বগাই যাই--------- সৰীসৃপ

২৬১) যিটো সৰ্বাংগ ব্যাপি আছে --------- সৰ্বাংগীণ

২৬২) ফুল থোৱা পাত্ৰ -------- ফুলদানি

২৬৩) যি কথা কোৱা উচিত -------- বক্তব্য; বচনীয়

২৬৪) জুই ধৰি ৰখা ঠাই --------- জুহাল

২৬৫) নিজৰ ওপজা ঠাই --------- জন্মভূমি

২৬৬) বস্তু কিনা-বেচা কৰা ঠাই -------- বজাৰ

২৬৭) যি কাৰো পক্ষত নাথাকে -------- নিৰপক্ষ

২৬৮) যি নিশা চৰে -------- নিশাচৰ

২৬৯) যি দিনত চৰে ------- দিবাচৰ

২৭০) যিয়ে সহ্য কৰিব পাৰে ---------- সহনশীল

২৭১) যিয়ে মিছা কথা কয় -------- মিছলীয়া

২৭২) যি ঘৰত ওপজে --------- ঘৰ ওপজা

২৭৩) যি বনত ওপজে --------- বনজ

২৭৪যি নগৰত থাকে ------- নগৰীয়া

২৭৫বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঠাই --------- পঢ়াশালি

২৭৬বিদ্যা শিক্ষা কৰা ঠাই --------- বিদ্যালয়

২৭৭পকী ঘৰ নিৰ্মাণ কৰা লোক -------- ৰাজমিষ্ট্ৰি

২৭৮) ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সমান যি ------- ধৰ্মনিৰপেক্ষ্য

২৭৯) যি ঠাইত পূজা কৰা হয় -------- বেদী

২৮০) যি বস্তু দিব পৰা নাযায় ---- অদেয়

২৮১) যি জনে তিনিও কালৰ কথা জানে ------- ত্ৰিকালজ্ঞ

২৮২) যি জনে বাহ-বেতৰ কাম কৰে --------- বাঢ়ৈ

২৮৩) যতে ত'তে ঘুৰি ফুৰা লোক ------ অঘৰী

২৮৪) গৰু বন্ধা ঠাই -------- গোহালি

২৮৫) যি নগৰত থাকে --------- নগৰীয়া

২৮৬) মাছৰ পোৱালি --------- পোনা

২৮৭) কাৱৈ মাছৰ সৰু পোৱালী -------- কাৱৈতিলা

২৮৮)ৰৌ মাছৰ সৰু পোৱালী -------- ৰৌমণি

২৮৯) গৰৈ মাছৰ সৰু পোনা --------- গৰৈচিৰিকা

২৯০) মাগুৰ মাছৰ সৰু পোৱালী ------- মাগুৰজালি

২৯১) শ’ল মাছৰ সৰু পোৱালী ---------- শ’লঠাৰি

২৯২) ধানৰ বাকলি ---------- তুঁহ

২৯৩) গোচৰ তৰা মানুহ ---------- গোচৰীয়া

২৯৪) গোটেই জীৱন জুৰি --------- অজীৱন

২৯৫) নাটক লিখা মানুহ --------- নাট্যকাৰ

২৯৬) কবিতা লেখা মানুহ --------- কবি

২৯৭) ছবি অঁকা মানুহ ---------- চিত্ৰকাৰ

২৯৮) কাম কৰিবলৈ এলাহ কৰা মানুহ --------- এলেহুৱা

২৯৯) চিঠি বা পত্ৰ বিলাই ফুৰা মানুহ --------- পিয়ন

৩০০) যি গোন্ধ ভাল --------- সুগন্ধ

৩০১) যি গোন্ধ বেয়া ----- দুৰ্গন্ধ

৩০২) নাৱত উঠি ব্যৱসায় কৰা লোক ---------মুদৈ

৩০৩) বহুত মানুহ একেলগে যোৱা --------- সমদল

৩০৪) যাটো বুজিব পাৰি --------- বোধগম্য

৩০৫) মেলত যি পাৰ্গত --------- মেলেকী

৩০৬) যি জনে নিজকে নিজে পণ্ডিত বুলি ভাবে -------- পণ্ডিতম্মন্য

৩০৭) লোকক দেখি পাছত যি কৰা যায় -------- অনুকৰণ

৩০৮) মাটিৰ সৰু টেকেলি -------- ভুৰুকা

৩০৯) যি জনে গুণীৰ গুণ বুজিব পাৰে ----------- গুণগ্ৰাহী

৩১০) ভেদ কৰিব নোৱাৰি যাক ----------- অভেদ্য বা দুৰ্ভেদ্য

৩১১) কষ্ট সহিব পাৰে যিয়ে -------- কষ্টসহিষ্ণু

৩১২) সহজতে ভাঙিব পৰা -------- ভংণ্ডৰ

৩১৩) বিধিসন্মত যি --------- বৈধ

৩১৪) যিয়ে গোচৰ তৰে --------- গুচৰীয়া

৩১৫) যাৰ ওপৰত গোচৰ তৰে হয় --------- পদকীয়া

৩১৬) যাৰ মূৰত চুলি নাই --------- তপা বা তপামূৰা 

৩১৭বালিয়া ঠাইত হোৱা ঘাঁহ ------- অঞ্জনা

৩১৮যি অসময়ত পকে ----- অকালপক্ক

৩১৯ঘোঁৰাত উঠি যোৱা লোক ----- অশ্বাৰোহী

৩২০যাৰ আন কোনো উপায় নাই ----- অনন্যোপায়

৩২১)যি প্ৰাণীয়ে শূন্যত বিচৰণ কৰে ----- খেচৰ

৩২২)নৈৰ কান বা ওখ চাপৰি ------- টুমনি

৩২৩আকাশত থাকা থুপি তৰা ------ নীহাৰিকা

৩২৪যাক ক্ৰয় কৰা হৈছে -------- ক্ৰীত

৩২৫বহুতৰ মাজত এজন ------- অন্যতম

৩২৬কপাহ ফুলৰ কলি --------- পকৰা

৩২৭কোনো এটা কাম কৰিবলৈ দিয়া প্ৰতিশ্ৰুতি ------ অংগীকাৰ

৩২৮আহাৰ মাহত হোৱা--------- এহেৰুৱা

৩২৯নাকেদি ওলোৱা মাত ------ অনুনাসিক

৩৩০নৈৰ দুয়োপাৰৰ বৃস্তিত অঞ্ছল ------ অৱবাহিকা

৩৩১যাক বাধা দিব নোৱাৰি ------ অৱাৰিত

৩৩২যাক বশ কৰিব নোৱাৰি ------ অৱশ্য

৩৩৩কোনো দোষ নকৰাকৈ ভৰা দণ্ড ---- অখালদাঁৰ

৩৩৪গুটি নিসিঁচাকৈ আপুনা-আপুনি গজা ----- গহৰা

৩৩৫ম'হ চৰোৱা ঠাই ------- মইহালি

৩৩৬নৈত উটি অহা কাঠ, ইকৰা,আৱৰ্জনা আদি ------ জাঁজৰি বা জাঁজি

৩৩৭) ওপজিয়ে মৰে যি  --------- অকাণ্ডপাতজাত


Also Read বিপৰীত শব্দ-অৰ্থ


FAQ - 

Q- যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে ?

Ans- অবিৱেচক ।

Q - ওপজিয়ে মৰে যি ?

Ans - অকাণ্ডপাতজাত ।

Q - পানীত ফুলা ফুল ?

Ans - জলজ ।

Q - যি ঈশ্বৰক বিশ্বাস কৰে ?

Ans - আস্তিক ।

Q- বেছিকৈ ভাত খোৱা মানুহ ?

Ans - ভতুৱা ।

Q - যি আগেয়ে হোৱা নাই ?

Ans - অভুতপুৰ্ব ।

Q - যিজনে সকলো জানে ?

Ans - সৰ্বজ্ঞ ।

Q - যাৰ দয়া মমতা নাই ?

Ans - নিৰ্দয় ।

Q- আকাশ চুব পৰা ?

Ans - আকাশলঙ্ঘি ।

           

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.